ৰাজ্যৰ ৫ যুৱতীৰ আলফা(স্বাঃ)ত যোগদানৰ সন্দেহ

0 min read
আলফা স্বাধীনত যোগদানৰ সন্দেহ পাঁচ যুৱতীৰ । ইয়াৰে এগৰাকী তিনিচুকীয়াৰ চাংমাই গাঁৱৰ নয়নমনি চেতিয়া উৰফে ইহম চেতিয়া ৷ নয়নমণিৰ সৈতে আছে গোগামুখৰ সবিতা চেতিয়া, লখিমপুৰ লালুকৰ শৰ্মিষ্ঠা শইকীয়া আৰু নগাঁও আৰু মৰিগাঁৱৰ দুগৰাকী যুৱতী ৷ উল্লেখ্য যে, নয়নমণি আৰু সবিতা দুয়োগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সিং খেলুৱৈ ৷ জানিব পৰা মতে, নয়ণমনি চেতিয়া অসম আৰক্ষীৰ এগৰাকী হোমগাৰ্ডৰ পত্নী আৰু তেওঁৰ আছে এটি 8 বছৰীয়া পুত্ৰ সন্তান ৷ ইতিমধ্যে, যুৱতীকেইগৰাকী এটা জংঘলীয়া পথেৰে যাত্ৰা কৰাৰ ভিডিঅ’ ভাইৰেল হৈছে চ’ছিয়েল মিডিয়াত ৷ তাৰ লগতে ভাইৰেল হৈছে কেতবোৰ আপত্তিজনক পোষ্ট ৷ যাৰ বাবে পৰিয়ালে সন্দেহ প্ৰকাশ কৰিছে যে, হয়তো আলফা স্বাধীনত যোগদানৰ বাবে গতি কৰিছে এই পাঁচ যুৱতী ৷

You May Also Like

More From Author