হোজাইৰ ৫ বছৰীয়া শিশুৰ ধৰ্ষণ-হত্যাকৰীক ফাঁচিৰ ৰায়দান আদালতৰ

হোজাইৰ ৫ বছৰীয়া শিশুৰ ধৰ্ষণ-হত্যাকৰীক ফাঁচিৰ ৰায়দান আদালতৰ

হোজাইৰ লোমহৰ্ষক ধৰ্ষণকাণ্ডৰ আজি ঐতিহাসিক ৰায়দান কৰিলে হোজাই সত্ৰ ন্যায়াধীশে। অতিৰিক্ত জিলা ন্যায়াধীশ এন দেউৰীৰ আদালতে ধৰ্ষণকাৰী চন্দন হৰিজনক ফাঁচিৰ নিৰ্দেশ দিয়ে আদালতখনে।

২০২০ চনৰ ২৬ ফেব্ৰুৱাৰীত ৫ বছৰীয়া এটি শিশুক ধৰ্ষণ কৰি হত্যা কৰিছিল একেখন গাঁৱৰে চন্দন হৰিজন নামৰ এগৰাকী বিকৃত মানসিকতাৰ যুৱকে। হোজাইৰ নন্দপুৰ দৰিয়াবস্তিৰ বাঁহনিত শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত চাঞ্চল্যৰ সৃষ্টি হৈছিল অঞ্চলটোত।

এসপ্তাহতকৈ অধিক দিন ৰাজপথ অৱৰোধ কৰি হোজাই থানা ঘেৰাও কৰি চলিছিল প্ৰতিবাদ। ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহত চন্দন হৰিজনক গাঁওৰ ৰাইজে আটক কৰি গতাই দিছিল আৰক্ষীক।

আৰক্ষীৰ আগত ধৰ্ষণ কৰি হত্যা কৰাৰ কথা স্বীকাৰ কৰাৰ পাছতেই নগাঁও কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় হত্যাকাৰীক। হোজাইৰ আদালতত ২০২০ৰ মাৰ্চ মাহৰ পৰা চলিছিল গোচৰৰ শুনানি আৰু আজি এবছৰ নৌহওঁতেই গোচৰৰ অন্তিম শুনানিত ফাঁচিৰ ৰায়দান কৰে আদালতে।

এই ৰায়দানত সুখ অনুভৱ কৰিছে ভুক্তভোগী পৰিয়ালৰ লগতে অঞ্চলটোৰ ৰাইজে।

Source – Niyomia Barta

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.

Related