fbpx
February 10, 2021

এইবাৰ কংগ্ৰেছৰ বাম্পাৰ অফাৰ:লাভ কৰিব আই ফোন,নগদ ধন

আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে এইবাৰ কংগ্ৰেছৰ বাম্পাৰ অফাৰ।লাভ কৰিব আই ফোন (iPhone)ৰ পৰা আৰম্ভ কৰি নগদ ধনলৈকে বিভিন্ন পুৰস্কাৰ।এক ব্যতিক্ৰমী প্ৰচাৰ অভিযান আৰম্ভ কৰিলে অসম প্ৰদেশ কংগ্ৰেছে।

 

কংগ্ৰেছে মঙলবাৰে ছ’চিয়েল মিডিয়াত ‘অসম বচাওঁ’ শ্ল’গানেৰে এটি ভিডিঅ’ প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে।নিৰ্বাচনী ইস্তাহাৰৰ বাবে ছ’চিয়েল মিডিয়াৰ জৰিয়তে ৰাইজৰ পৰামৰ্শ বিচাৰিলে কংগ্ৰেছে।এই প্ৰতিযোগিতাৰ জৰিয়তে অসমে সন্মুখীন হোৱা বিভিন্ন বিষয় তথা সমস্যাৰ বিষয়ে দুই মিনিটৰ ভিডিঅ’ প্ৰস্তুত কৰি ছ’চিয়েল মিডিয়াযোগে কংগ্ৰেছলৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনালে দলটোৱে।

এই ভিডিঅ’টোৰ লিংক www.AssamBachao.in ৱেবছাইটৰ জৰিয়তে দাখিল কৰিব লাগিব।শ্ৰেষ্ঠ ভিডিঅ’সমূহৰ স্ৰষ্টাসকলক আই ফোন (iPhone)ৰ পৰা আৰম্ভ কৰি নগদ ধনলৈকে বিভিন্ন পুৰস্কাৰেৰে সন্মানিত কৰা হ’ব।

ৰাজ্যৰ যুৱপ্ৰজন্মক উদগণী দিয়াৰ উদ্দেশ্যে পৰৱৰ্তী দহ দিনৰ বাবে অৰ্থাৎ ১৯ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত কৰা হ’ব এই প্ৰতিযোগিতা।কংগ্ৰেছকৰ্মীৰ লগতে ভোট দিয়াৰ যোগ্যতা আহৰণ নকৰা ১৮ বছৰৰ অনুৰ্ধৰ লোকসকল বা ভাৰতৰ বিভিন্ন প্ৰান্তত বাস কৰা অসমীয়া লোকসকলে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব।

error: Content is protected !!