আৰ জি কৰ কাণ্ডত সঞ্জয় ৰয়ক আমৃত্যু কাৰাবাসৰ নিৰ্দেশ আদালতৰ!
বিগত ৯ আগষ্টত আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতালৰ ইমাৰজেন্সী ভৱনৰ ছেমিনাৰ হলৰ পৰা উদ্ধাৰ হৈছিল এগৰাকী তৰুণী চিকিৎসকৰ মৃতদেহ। অপকৰ্মৰ পিছত নৃশংসভাৱে হত্যা কৰা হৈছিল যুৱতী চিকিৎসকগৰাকীক। সেই ঘটনাই জোকাৰি গৈছিল সমগ্ৰ ঘটনাই। প্ৰায় ৫ মাহৰ পিছত ১৮ জানুৱাৰী শনিবাৰে দোষী সাব্যস্ত হয় সঞ্জয় ৰয়। আজি সেই গোচৰত সঞ্জয়ৰ শাস্তি ঘোষণা কৰিলে শিয়ালদহ আদালতে। আমৃত্যু কাৰাবাসৰ শাস্তি দিয়া হয় দোষী সঞ্জয় ৰয়ত। লগতে ৫০ হাজাৰ টকাৰ জৰিমনা। বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ ৬১ দিনৰ মূৰত ঘোষণা কৰা হ’ল শাস্তি।
চাৰ্জশ্বীটত সঞ্জয় ৰয়ক ভাৰতীয় ন্যায় সংহিতাৰ ৬৪, ৬৬, ১০৩(১) ধাৰাত অভিযুক্ত কৰা হৈছে। যিসকল সাক্ষীক জেৰা কৰা হৈছে আৰু চিবিআইৰ অধিবক্তাসকলে যি নথি আৰু তথ্য লৈ আহিছে, তাত তেওঁৰ অপৰাধ প্ৰমাণিত বুলি জনোৱা হয় ৰায় ঘোষণাৰ দিনা। ৪ নৱেম্বৰত এই গোচৰত আদালতত চাৰ্জ গঠন কৰিছিল চিবিআয়ে। ১১ নৱেম্বৰত গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। আৰু ৯ জানুৱাৰীত সেয়া শেষ হৈছিল।
আজি সোমবাৰে, পুৱা আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতালৰ তৰুণ চিকিৎসকক হত্যাৰ দোষী সঞ্জয় ৰয়ক কঠোৰ নিৰাপত্তাৰ মাজেৰে আদালতলৈ আনে কলকাতা আৰক্ষীয়ে। পুৱা চাৰে ১০ বজাত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে সঞ্জয় ৰয়স জে’লৰ পৰা উলিয়াই গাড়ীত উঠায় আৰক্ষীয়ে। ইয়াৰ পিছত আলীপুৰ ৰোড, আচাৰ্য জগদীশ চন্দ্ৰ বসু ৰোড হৈ শিয়ালদহ আদালতত উপস্থিত হয় গাড়ী।
আজি আদালতত হাজিৰ কৰোৱাৰ পিছতে বিচাৰকে সঞ্জয় ৰয়ক সোধে, ‘‘আপোনাক জনোৱা হৈছে যে আপুনি দোষী। আপুনি আজীৱন কাৰাদণ্ড বা মৃত্যুদণ্ডৰ শাস্তি পাব পাৰে। আপুনি কিবা ক’ব নেকি?
সঞ্জয় ৰয়ে কয়, ‘‘মই একো কৰা নাই। মোক ফচোৱা হৈছে। মই ৰুদ্ৰাক্ষ পিন্ধি আছিলো, মই যদি এই কাম কৰিলোহেঁতেন, ৰুদ্ৰাক্ষ ভাঙি গ’লহেঁতেন। তেওঁলোকে মোক কোনো কথা ক’বলৈ দিয়া নাই। মোক অত্যাচাৰ কৰা হৈছে।’’
বিচাৰকে কয়, ‘‘কি ঘটিছিল সেয়া আপুনি ভালকৈ জানে। যি প্ৰমাণ আছে তাৰ ওপৰত ভিত্তি কৰিয়ে ৰায় দিয়া হ’ব। আপুনি যি কৈ আছে সকলো ৰেকৰ্ড হৈ আছে। সকলো চাই দেখা গৈছে আপুনি দোষী। মই আজি আপোনাক শাস্তিৰ বিষয়ে সুধিছো। আপুনি কি শাস্তি বিচাৰে? আপোনাৰ পৰিয়ালৰ সৈতে সংযোগ আছেনে?
সঞ্জয় ৰয়ে কয়, ‘‘পৰিয়ালৰ সৈতে কোনো সংযোগ নাই। মোক ফচোৱা হৈছে ছাৰ।’’ ইয়াৰ পিছতে বিচাৰকে চিবিআইক তেওঁলোকে কি বিচাৰে সেয়া সোধে।
চিবিআইৰ অধিবক্তাই কয়, ‘‘এয়া অতি জঘন্যতম ঘটনা। তেওঁ এগৰাকী মেধাৱী ছাত্ৰী আছিল। সমাজৰ সম্পদ আছিল। যদি চিকিৎসক শিক্ষাৰ্থীসকল নিৰাপদ নহয় তেন্তে কি ক’ব। কেৱল মৃত্যুদণ্ডইহে সমাজলৈ আত্মবিশ্বাস আনিব। আমি সমাজৰ আত্মবিশ্বাস বৰ্তাই ৰাখিব লাগিব।’’
আদালতত সঞ্জয় ৰয়ৰ অধিবক্তাই কয়, ‘‘এয়া বিৰলতম ঘটনা নহয়। প্ৰমাণ কৰিব লাগিব যে এই ব্যক্তিজনক সংস্কাৰ কৰিব নোৱাৰি। উচ্চতম ন্যায়ালয়ে সংস্কাৰৰ বিষয়ে কৈছে।’’