Advertisement

আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সৌন্দৰ্য্য চৰ্চা প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন গহপুৰৰ অনুসূয়া বৰা

আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সৌন্দৰ্য্য চৰ্চা প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন গহপুৰৰ অনুসূয়া বৰা

মুম্বাইৰ বলিউড পাৰ্ক ফ্লিম চিটিত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সৌন্দৰ্য্য চৰ্চা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠত্ব অৰ্জন কৰা গহপুৰ মহকুমাৰ গহপুৰ পৌৰসভাৰ অন্তৰ্গত ধেনুধৰাৰ ছাত্ৰী অনুসূয়া বৰাৰ এই কৃতিত্বৰ বাবে তেওঁক অভিনন্দন জনাইছে ধেনুধৰা বাসী ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে। ১০ খনকৈ দেশৰ মুঠ ৬০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা উক্ত সৌন্দৰ্য চৰ্চা প্ৰতিযোগিতাত অনুসূয়া বৰাই মিছ গ্ল’বেল ইণ্টাৰনেছনেল উইনাৰ ২০২৩-২৪ খিতাপ অৰ্জন কৰি ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে বৃহস্পতিবাৰে তেওঁক গহপুৰৰ নৃত্যাঞ্জলী সাংস্কৃতিক কেন্দ্ৰই অভিনন্দন জ্ঞাপন কৰে।

সড়ক প্ৰডাকচনৰ উদ্যোগত অনুষ্ঠিত উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি খিতাপ অৰ্জন কৰা অনুসূয়া বৰাই ইয়াৰ পূৰ্বে ২০২৩ চনৰ অক্টোবৰ মাহত তেজপুৰত উত্তৰ পূৰ্বাঞ্চল ভিত্তিত অনুষ্ঠিত হোৱা সৌন্দৰ্য্য চৰ্চা প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰাৰ পিছত শেহতীয়া এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ লাভ কৰে।

তেজপুৰ মহাবিদ্যালয়ৰ চতুৰ্থ ষাণ্মাসিকৰ ছাত্রী অনুসূয়া বৰাই অসমীয়া আৰু কথক নৃত্য বিষয়ক মূল বিষয় হিচাপে লৈ অধ্যয়ন কৰি আছে। তেওঁ ধেনুধৰা নিবাসী তথা লালুক আৰক্ষী থানাৰ ১৩ বেটেলিয়নৰ উপ পৰিদৰ্শক ডম্বৰু বৰা আৰু কাকুমণি বৰাৰ কন্যা।

Shahnawaz Hamza

Related