লাখটকীয়াত হেৰ’ইনসহ ছজনক গ্রেপ্তাৰ

0 min read

পাণবজাৰ আৰক্ষীয়ে আজি লাখটকীয়াত অভিযান চলাই ড্রাগ্ছসহ ৬ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত লাখটকীয়াত অভিযান চলাই আয়ান বৰা, আব্দুল ছোলেমান, দেবাংগ দাস, অমৰ ৰায়, ৰছিদুল আলি আৰু এগৰাকী মহিল ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ ধৃত সৰবৰাহকাৰী কেইটাৰ পৰা ১০ গ্রাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে দীর্ঘদিন ধৰি লাখটকীয়াৰ ২নং আৰু ৩নং গেটত ধৃত সৰবৰাহকাৰীকেইটাই ড্রাগ্ছৰ বেহা চলাই আহিছিল৷ উল্লেখ্য যে লাখটকীয়াৰ ৰেল লাইনৰ সমীপত চলি অহা ড্রাগ্ছৰ ঘাটিত কিছুদিন পূর্বে পাণবজাৰ আৰক্ষীয়ে অভিযান চলাই উচ্ছেদ কৰিছিল৷ কিন্তু আৰক্ষীৰ ড্রাগ্ছবিৰোধী ধাৰাবাহিক অভিযানৰ পাছতো ড্রাগ্ছ সৰবৰাহকাৰী চক্রটোৱে লাখটকীয়াত মুকলিকৈ ড্রাগ্ছৰ বেহা চলাই আহিছিল৷

You May Also Like

More From Author