দেশত ক’ৰোনাঃ মাস্ক নিপিন্ধাৰ বাবদ মাত্ৰ দুটা দিনত জৰিমনা সংগ্ৰহ ৬০ লাখ

দেশত ক’ৰোনাঃ মাস্ক নিপিন্ধাৰ বাবদ মাত্ৰ দুটা দিনত জৰিমনা সংগ্ৰহ ৬০ লাখ

 মহাৰাষ্ট্ৰত ক’ৰোনাৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ মুম্বাই চৰকাৰেও কঠোৰ হৈছে নাগৰিকৰ ক’ভিড-১৯ সজাগতাক লৈ।

অমৰাৱতীত লকডাউন দিয়াকে ধৰি এতিয়া মাস্ক নিপিন্ধা লোকৰ ক্ষেত্ৰত জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে। বিএমচিয়ে কালি এক সংবাদ বিবৃতিত জানিবলৈ দিয়ে যে যোৱা দেওবাৰে ১৪,১০০ গৰাকী লোকক জৰিমনা বিহি ২৮ লাখ টকা সংগ্ৰহ কৰাৰ লগতে শনিবাৰে ১৬,১৫৪ লোকক জৰিমনা বিহি ৩২ লাখ টকা সংগ্ৰহ কৰিছে।

এসপ্তাহত ৬০ লাখ টকা কেৱল মাস্ক নিপিন্ধাৰ বাবদ জৰিমনা ৰূপে সংগ্ৰহ কৰে। আনহাতে বিএমচিয়ে লগতে জনায় যে ২০২০ চনৰ মাৰ্চৰ পৰা ক’ৰোনা নিয়ম উলংঘনৰ বাবে মুঠ ৩০.৫ কোটি টকাৰ জৰিমনা সংগ্ৰহ কৰিছে।

উল্লেখ্য, মুম্বাইৰ জনতা সজাগ নহ’লে ৰাজ্যত লকডাউন ঘোষণা কৰা হ’ব বুলি জনাইছিল মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই।

Source – Niyomiabarta


Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.

Related