Advertisement

২২ ফেব্ৰুৱাৰীত বিবাহ পাশত আৱদ্ধ হ’ব বলীউডৰ অভিনেত্ৰী ৰকুল প্ৰীত

২২ ফেব্ৰুৱাৰীত বিবাহ পাশত আৱদ্ধ হ’ব বলীউডৰ অভিনেত্ৰী ৰকুল প্ৰীত

এই বছৰটোত বলীউডৰ বহু চেলিব্ৰেটী বিবাহপাশত আৱদ্ধ হ’ব।শেহতীয়াকৈ আমিৰ খানৰ কন্যা ইৰা খানে তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক নুপুৰ শিখাৰেৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। এই তালিকাত শেহতীয়াকৈ নাম অন্তৰ্ভুক্ত হৈছে অভিনেত্ৰী ৰকুলপ্ৰীত সিং।হয়, অভিনেতা-প্ৰযোজক জেকী ভাগনানীৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব এইগৰাকী সুন্দৰী।

ৰকুল আৰু জেকীৰ বিয়া হ’ব ২২ ফেব্ৰুৱাৰীত। তেওঁলোকৰ বিয়াৰ কাৰ্যসূচীসমূহ গোৱাত অনুষ্ঠিত হ’ব। দুয়োজনৰ ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰা মতে, তেওঁলোক বিয়াৰ কাৰ্যসূচীসমূহত একেবাৰে ঘনিষ্ঠ লোকসকলহে উপস্থিত থাকিব। জেকী বৰ্তমান তেওঁৰ ‘বেচেলৰেট পাৰ্টী’ৰ বাবে বেংককত আছে আৰু ৰকুলপ্ৰীত থাইলেণ্ডত আছে।

ৰকুলপ্ৰীত আৰু জেকী ২০২১ৰ পৰাই প্ৰেমৰ সম্পৰ্কত বান্ধ খাই আছে।দুয়োজনৰ এজনেও এই বিষয়ে বৰ্তমানেও স্পষ্টকৈ প্ৰকাশ কৰা নাই যদিও সময়ে সময়ে তেওঁলোকৰ সম্পৰ্কই চৰ্চা লাভ কৰি আহিছে। উল্লেখ্য যে, ৰকুলপ্ৰীতক অতি শীঘ্ৰেই কমল হাছানৰ বিপৰীতে ‘ইণ্ডিয়ান ২’ত ছবিখনত দৰ্শকে দেখিবলৈ পাব।এই ছবিখনত ববি সিংহ আৰু প্ৰিয়া ভৱানী শংকৰেও বিশেষ চৰিত্ৰত অভিনয় কৰিছে।ইয়াৰ বিপৰীতে, জেকী ভাগনানীৰ প্ৰযোজনাত নিৰ্মিত ‘বড়ে মিয়াঁ চ’টে মিয়াঁ’ ছবিখনে আগন্তুক ঈদত মুক্তি লাভ কৰিব। মুক্তিৰ পূৰ্বেই যথেষ্ট চৰ্চা লাভ কৰা এই ছবিখনত অক্ষয় কুমাৰ, টাইগাৰ শ্ৰফ, সোণাক্ষী সিনহা আৰু পৃথ্বীৰাজ সুকুমাৰনে মুখ্য চৰিত্ৰত দেখা যাব।

Shahnawaz Hamza