কোনো কোচিং নকৰাকৈ ACSত প্ৰথম স্থান ৰচিকাৰ!
ঘোষণা হ’ল অসম লোকসেৱা আয়োগৰ ২০২২ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ চূড়ান্ত ফলাফল। অসম লোকসেৱা আয়োগে আজি ঘোষণা কৰে ফলাফল সমূহ। ACS, APS আৰু অন্যান্য সংলগ্ন সেৱাৰ বাবে সৰ্বমুঠ ৯১৩গৰাকী প্ৰাৰ্থী নিযুক্তিৰ বাবে চৰকাৰলৈ নাম প্ৰেৰণ কৰিছে আয়োগে।
অসম অসামৰিক সেৱাত গৌৰীপুৰৰ ৰচিকা ইছলামে প্ৰথম স্থান লাভ কৰে। মিৰ্জাৰ দীক্ষিত দাসে দ্বিতীয় স্থান আৰু ডিগবৈৰ বিথপী গগৈয়ে তৃতীয় স্থান লাভ কৰিছে। আনহাতে অসম পুলিচ সেৱাৰ বাবে হোজাইৰ ৰোহিত চৌধুৰীয়ে লাভ কৰে প্ৰথম স্থান।
ৰচিকাৰ পিতৃ আছিল এগৰাকী সেনা বিষয়া। স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিছে পিতৃয়ে। ৰচিকাৰ স্বামীও এগৰাকী প্ৰশাসনিক বিষয়া।
পিতৃ সেনা বিষয়া আছিল বাবে পঢ়া সূত্ৰে দেশৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰিবলগীয়া হৈছিল ৰচিকাই। পিতৃৰ সৈতে পঞ্জাবতো আছিল ৰচিকা। ইফালে, গুৱাহাটীৰ নাৰেংগীস্থিত আৰ্মী পাব্লিক স্কুলৰ লগতে আন স্কুলতো অধ্যয়ন কৰিছিল ৰচিকাই।