কুমাৰীকাটাত বীৰ বীৰচা মুণ্ডা সোঁৱৰণি ফুটবলত চূড়ান্ত বিজয়ী বাগানপাৰা এফ চি
কুমাৰীকাটাত বীৰ বীৰচা মুণ্ডা সোঁৱৰণি ফুটবলত চূড়ান্ত বিজয়ী বাগানপাৰা এফ চি
তামুলপুৰ জিলাৰ অসম—ভূটান সীমান্তৱৰ্ত্তী পাটকীজুলিত আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ উদ্যোগত পাটকীজুলি মাইনাও ক্লাৱ ষ্টেডিয়ামত চলি থকা আদিবাসী বীৰ বীৰচা মুণ্ডা সোৱৰণি ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত চূড়ান্ত খেলত বাগানপাৰা এফ চি দলে সোণমণি এফ চিক ২—১ গ’লত পৰাস্ত কৰি চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰে৷ আজিৰ খেলখন পৰিচালনা কৰে নিৰন হাচডা,বৈহাইচাৰ বড়ো,সুনীল মাৰ্ডি আৰু চভিও চৰেনে৷ আৰম্ভণিতে খেলখন উদ্বোধন কৰে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ কাৰ্যবাহী সদস্য তিৰকু টুডুৱে৷ প্ৰতিযোগিতাত দৰ্শক হিচাপে উপস্থিত থাকে বিটিআৰৰ দুগৰাকী এমচিএলএ বিজিত গৗৰা নাৰ্জাৰী আৰু হেমন্ত কুমাৰ ৰাভা আৰু এছ জি পিঅৰ অধ্যক্ষ সুৰজ ঘিমিৰে৷ খেলৰ শেষত বঁটাসমূহ বিতৰণ কৰে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ কাৰ্যবাহী সদস্য তিৰকু টুডু,পৰমেশ্বৰ বাস্কে,বকুল মাৰ্ডিকে ধৰি কেবাজন বিশিষ্ট ব্যক্তিয়ে৷