Home Stay ৰ নামত দেহ ব্যৱসায়; উচ্ছেদ অবৈধ কাৰ্য কলাপৰ ঘাটি…

Home Stay ৰ নামত দেহ ব্যৱসায়; উচ্ছেদ অবৈধ কাৰ্য কলাপৰ ঘাটি…

প্ৰতিষ্ঠানটিৰ পৰা আটক কৰা যুৱক-যুৱতীহালক ৰাইজে উত্তম-মধ্যম শোধাই চমজাই দিয়ে আৰক্ষীক

গোলাঘাট জিলাৰ পূব আমোলাপাট্টিত ৰাইজে উৎখাত কৰিলে দেহ ব্যৱসায়ৰ ঘাটি। ডিম্বেশ্বৰ গগৈ নামৰ পথৰ কাষৰ আৰ বি হোমষ্টে নামৰ প্ৰতিষ্ঠানটোত অভিযান চলাই একাংশ ৰাইজে উৎখাত কৰে।

আৰ বি হোমষ্টে নামৰ প্ৰতিষ্ঠানটিৰ পৰা উদ্ধাৰ কৰা হৈছে এগৰাকী যুৱতী আৰু এজন যুৱকক। আনহাতে প্ৰতিষ্ঠানটোত থকা আন একাংশ যুৱকে ৰাইজৰ অভিযানৰ উমান পাই পলায়ন কৰা বুলি জানিব পৰা গৈছে।

ইফালে ৰাইজৰ অভিযানৰ পিচতে ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আনহাতে প্ৰতিষ্ঠানটিৰ পৰা আটক কৰা যুৱক-যুৱতীহালক ৰাইজে উত্তম-মধ্যম শোধাই চমজাই দিয়ে আৰক্ষীক।

GTM Desk

Related