সাপেখাতীত আলফা(স্বা)ত যোগদান কৰিবলৈ যোৱা সা‍ঁত যুৱকক আৰক্ষীৰ আটক

সাপেখাতীত আলফা(স্বা)ত যোগদান কৰিবলৈ যোৱা সা‍ঁত যুৱকক আৰক্ষীৰ আটক

আলফা (স্বাধীন) লৈ অসমৰ যুৱক যুৱতীৰ সোঁত ববলৈ ধৰাত অসম আৰক্ষীৰ লগতে অসমৰ প্ৰশাসন চিন্তিত হৈ পৰা সময়তে চৰাইদেউ জিলাৰ সাতজনকৈ যুৱক আলফা সংগঠনত যোগদান কৰিবলৈ যোৱা অৱস্থাত অসম-অৰুণাচল -নাগালেণ্ড ত্ৰিবেনী সংগম সাপেখাতী অঞ্চলৰ পৰা সাত জন যুৱক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ৰাজ্যৰ ভিন্ন প্ৰান্তত আলফা ( স্বাধীন ) শক্তিশালী কৰাৰ স্বাৰ্থতে আলফাই আৰম্ভ কৰিছে সদস্য ভৰ্ত্তি অভিযান ৷ সদস্য ভৰ্ত্তি প্ৰক্ৰিয়া চলি থকাৰ মাজতেই চৰাইদেউৰ সাপেখাতীত পুনৰ সাতজন যুৱকক আটক লৈ সমগ্ৰ অঞ্চলতে এক তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।৷ আসাম ৰাইফলছ আৰু সাপেখাতী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষষয়া ৰহমানৰ নেতৃত্বত নিশা চলা এক যুটীয়া অভিযানত আটক কৰিবলৈ সক্ষম হয় সাত জন যুৱকক ৷

আৰক্ষী সূত্ৰই জনোৱা মতে চৰাইদেউ জিলাৰ সাপেখাতী সাপেখাতী মৌজা টাইৰাই গাওঁৰ অশ্বিনী কুমাৰ বৰুৱা (২১) , বাকচু গাওঁৰ দুই ভাতৃ ক্ৰমে আচিচ দাস (১৯) আৰু দেব দাস (১৭) আৰু একে গাওঁৰে যতীন দাস (১৮) , ৩ নং হাওঁফাওঁ গাওঁৰ নৰ থাপা (৪৮) আৰু একে গাওঁৰে গনেশ ছেত্ৰী (২২), ৰহন গোঁহাই গাওঁৰ পৰা জান বৰগোহাঁই ( ৩৫) সহ সাতজন যুৱকক আটক কৰিবলৈ সক্ষম হয়।ইতিমধ্যে সাপেখাতী আৰক্ষী থানাত ১৮/২২গোচৰ ৰুজু কৰি ১২০(ব),১২১(এ)আই পি চি ১০/১৩ ধাৰাত সকলোকে চৰাইদেউ আদালত হাজিৰ কৰে।

 

GTM Desk

Related