১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব 8th Pay Commission! কেন্দ্ৰীয় কৰ্মচাৰীয়ে কেতিয়াৰ পৰা বৰ্ধিত দৰমহা লাভ কৰিব? কিমান বৃদ্ধি পাব দৰমহা?

১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব 8th Pay Commission! কেন্দ্ৰীয় কৰ্মচাৰীয়ে কেতিয়াৰ পৰা বৰ্ধিত দৰমহা লাভ কৰিব? কিমান বৃদ্ধি পাব দৰমহা?

 

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে এতিয়া অধীৰ আগ্ৰহেৰে অষ্টম দৰমহা আয়োগলৈ অপেক্ষা কৰি আছে। ৩১ ডিচেম্বৰত অন্ত পৰিব সপ্তম দৰমহা আয়োগৰ কাৰ্যকাল। কেন্দ্ৰীয় চৰকাৰে ২০২৫ চনৰ নৱেম্বৰ মাহত অষ্টম দৰমহা আয়োগ নিয়মত অনুমোদন জনাইছিল আৰু পেনেলক প্ৰতিবেদন দাখিল কৰিবলৈ ১৮ মাহৰ সময় প্ৰদান কৰিছিল। ইয়াৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা, ভাট্টা আৰু পেঞ্চনৰ পৰ্যালোচনাৰ আনুষ্ঠানিক আৰম্ভণি হৈছিল।

চৰকাৰী পৰম্পৰা অনুসৰি ১ জানুৱাৰী ২০২৬ৰ পৰা নতুন দৰমহা আয়োগ একপ্ৰকাৰে কাৰ্যকৰী হ’ব। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে, চৰকাৰী কৰ্মচাৰীয়ে তেওঁলোকৰ একাউণ্টত দৰমহাৰ ধন লাভ কৰিব।

বিশেষজ্ঞ সকলে প্ৰকাশ কৰে যে, দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ তাৰিখ আৰু প্ৰকৃত পেমেণ্টৰ মাজত দীঘলীয়া ব্যৱধান থাকে। সপ্তম দৰমহা আয়োগৰ সময়টো তেনেকুৱাই হৈছে।

সপ্তম দৰমহা আয়োগৰ সময়ত ২০১৬ চনৰ জানুৱাৰী মাহৰ পৰা দৰমহা আয়োগৰ কাৰ্যকৰী হোৱা বুলি গণ্য কৰা হৈছিল যদিও জুন মাহত কেবিনেট অনুমোদনৰ পিছতহে দৰমহাৰ ধন লাভ কৰিছিল। আৰু তেতিয়াৰে পৰা নতুন দৰমহা আৰু বকেয়া ধন পৰিশোধ আৰম্ভ হৈছিল।

অষ্টম দৰমহা আয়োগক কাৰ্যকৰী হোৱাৰ পিছত কিমান দৰমহা বৃদ্ধি পাব সেই সন্দৰ্ভত এতিয়াও চৰকাৰী তথ্য প্ৰকাশ পোৱা নাই। যষ্ঠ দৰমহা আয়োগৰ সময়ত ৪০ শতাংশ দৰমহা বৃদ্ধি হৈছিল, সপ্তম দৰমহা আয়োগৰ সময়ত ২৩ৰ পৰা ২৫ শতাংশ দৰমহা বৃদ্ধি হৈছিল।

বিভিন্ন সূত্ৰ খবৰ অনুসৰি অনুমান কৰা হৈছে যে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ’লে ২০ৰ পৰা ৩০ শতাংশ দৰমহা বৃদ্ধি হ’ব পাৰে। এতিয়া অনুমান কৰা হৈছে যে ২০২৬ৰ জানুৱাৰী মাহত কেৱল ৰেফাৰেন্স ডেট হ’ব, আনহাতে প্ৰকৃত দৰমহা বৃদ্ধি আৰু বকেয়া ২০২৬ৰ পৰা ২৭ চনত পোৱাৰ সম্ভাৱনা আছে।

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.

Related