সম বয়সৰ লৰা, ছোৱালীৰ বিবাহে দাম্পত্য জীৱনত সৃষ্টি কৰে অশান্তি !

সম বয়সৰ লৰা, ছোৱালীৰ বিবাহে দাম্পত্য জীৱনত সৃষ্টি কৰে অশান্তি !

বৈবাহিক সম্পৰ্ক হৈছে জীৱনৰ সুখ – দুখঃ , হাঁহি – আনন্দ, সফলতা – বিফলতা আদিক সমানে ভাগ বতৰা কৰা। কপালত যোৰা থাকিলে পাত্ৰ পাত্ৰীৰ বৈবাহিক জীৱন আৰম্ভ হয় কোনো শুভদিনত। কোনোবাই বিয়া কৰে নিজৰ বয়সত কৈ বহু বেছি কম বয়সৰ ছোৱালীক আৰু কোনোৱে সম বয়সৰ।

বহুজনৰ ক্ষেত্ৰত , একে লগতে পঢ়া শুনা কৰা, চাকৰি কৰা আৰু পিছত উভয়ে উভয়ৰ সান্নিধ্যত আহি সম্পৰ্ক কৰি শেষত ঘৰ সংসাৰ। সম বয়সৰ স্ত্ৰীৰ সৈতে বন্ধুৰ দৰে সকলো শ্বেয়াৰ কৰিব পাৰি। আৰু নিজৰ ভাল লগা কথা বোৰৰ সহজতে মিল দেখা যায় সম বয়সৰ স্বামী স্ত্ৰীৰ মাজত। কিন্তু বিষয় সমূহ সদায় একে নাথাকে !

কেতিয়াবা বহুজনক বহু বিপাঙত পৰা দেখা যায়। বহু অভিভাৱকে এই বিষয়টি বুজাত অসুবিধা পাই বা বুজি নাপায়। সম বয়সৰ বিয়াৰ ফলত কিছু সাধাৰণ সমস্যা সঘনাই দেখা যায় ; যিসমূহে দাম্পত্য জীৱন কোঙা কৰে !

স্বামীৰ বয়স স্ত্ৰীৰ বয়স তকৈ দুগুন হোৱাটো বহুদিন আগলৈ স্বাভাৱিক আছিল। সময়ৰ পৰিৱৰ্তনৰ লগতে শিক্ষিত লোকৰ মাজত কম বয়সৰ ব্যৱধানত বিয়া কৰাৰ প্ৰৱণতা বৃদ্ধি হৈছে উল্লেখযোগ্য ভাবে।

বহু সময়ত দেখা যায় যে সম বয়সৰ স্বামী স্ত্ৰীৰ মানসিক স্থিতি সমতুল্য হৈ থাকে। সেইবাবে হয়তো স্ত্ৰী গৰাকীৰ স্বামীৰ প্ৰতি কিছু বেছি আধিপত্য দেখুৱা পৰিলক্ষিত হয়। আৰু সেই সময়ত স্বামী সহনশীল হ’ব নোৱাৰিলে আৰম্ভ হয় গৃহকন্দল ; নিজৰ নিজৰ ব্যক্তিত্বৰ সংঘাত। আৰু কেতিয়াবা এনে দেখা যায় যে যুক্তি বুদ্ধিত পাকৈত আৰু পৰিপক্ক স্ত্ৰী গৰাকীৰ নিজস্ব চিন্তা ভাৱনাক সন্মান দিবলৈ অপাৰগ প্ৰকাশ কৰে পুৰুষ গৰাকীয়ে। আৰু সকলোৱে জানে যে নাৰীৰ পাৰিপাৰ্শ্বিকতা বুজাৰ ক্ষমতা অলপ বেছি থাকে।

স্বামীৰ তুলনাত যদি স্ত্ৰী বেছি সচেতন হয় তেতিয়া কিন্তু দাম্পত্য জীৱনত মতভেদ আৰু জটিলতা আহিবই। ফলত ইজনে আনজনক সন্মান দিবলৈ অপাৰগ কৰিব আৰু আবেগৰ বশৱৰ্তী হৈ সম্পৰ্কৰ পৰিনীতি হৈ পৰে বিবাহ বিচ্ছেদ ( Divorce ) .

সম বয়সৰ লোকৰ বিবাহৰ পিছত যেতিয়া স্বামী- স্ত্ৰীৰ বয়স ৪০ – ৪৫ ৰ ঘৰত সোমাই , সেই সময়ত নাৰীৰ জীৱনৰ কিছু স্বাভাৱিক সংকট আহিবলৈ ধৰে। সেই সময়ত স্ত্ৰীয়ে সন্তান জন্মৰ ক্ষমতা হেৰুৱাই, স্বামীৰ ইচ্ছাৰ বিৰুদ্ধে অনিচ্ছা আৰম্ভ হয় স্ত্ৰীৰ। ফলতে আৰম্ভণি হয় মানসিক সমস্যাৰ। এই কথা আকৌ কেতিয়াবা ভয়ংকৰ হৈ উঠিব পাৰে ! স্ত্ৰীয়ে ভাবিবলৈ লয় যে তেঁওৰ আৰু দিবলৈ একো নাই, ফলতে তেওঁৰ মনত আহে গভীৰ বিষন্নতা। প্ৰাকৃতিক কাৰণতে আগতে পৰিপক্ক হোৱা হেতুকে নাৰীয়ে পুৰুষতকৈ বহু আগতে বাৰ্ধক্য আদৰিবলৈ বাধ্য হয়। আৰু একে সময়ত পুৰুষ গৰাকীৰ জীৱন প্ৰায় ভৰ দুপৰীয়াত। তাৰ ফলত অসহায় আৰু দিশহাৰা হৈ পৰে পুৰুষৰ দাম্পত্য জীৱন। অশান্তি আৰু অশান্তি সংসাৰত।

পাত্ৰৰ বয়স পাত্রীৰ বয়সত কৈ কমেও ৫ – ৮ বছৰ বেছি হোৱা উচিত। ব্যতিক্ৰমী উদাহৰণ বহুত থাকিব পাৰে ! কিন্ত সেয়া আলোচনাৰ বিষয় বস্তু হব নোৱাৰে। ব্যতিক্ৰম সদায় ব্যতিক্ৰম সেয়ে বহু সম বয়সৰ স্বামী স্ত্ৰীৰ সংসাৰ সুখী দেখা যায়।

GTM Desk

Related