Advertisement

উৰিষ্যাৰ “ত্ৰিবেণী কলা কেন্দ্ৰ‌”ই পুৰণিগুদামৰ শিল্পীক প্ৰদান কৰিলে “ৰাষ্ট্ৰীয় কলাগুৰু শ্ৰীক্ষেত্ৰ সন্মান”

উৰিষ্যাৰ “ত্ৰিবেণী কলা কেন্দ্ৰ‌”ই পুৰণিগুদামৰ শিল্পীক প্ৰদান কৰিলে “ৰাষ্ট্ৰীয় কলাগুৰু শ্ৰীক্ষেত্ৰ সন্মান”

নিউজ ব্যুৰ’,নগাঁও,২৩ডিচেম্বৰ:–ৰাষ্ট্ৰীয় সন্মান লাভেৰে উজলিল নগাঁও জিলাৰ এগৰাকী প্ৰবীণ শিল্পী। লোক সংস্কৃতিৰ সাধনা কৰা পুৰণিগুদাম জলাহগাঁৱৰ এই শিল্পীগৰাকী হৈছে ৰাজু শ‌ইকীয়া । সুদীৰ্ঘ ৩০টা বছৰে প্ৰচাৰ বিমুখভাৱে নিজৰ গাঁঠিৰ ধন ভাঙি গ্ৰামাঞ্চলত নৱপ্ৰজন্মৰ মাজত লোক সংস্কৃতিৰ জ্ঞান বিলাই ফুৰা ওজা ৰাজু শ‌ইকীয়াক উৰিষ্যাৰ “ত্ৰিবেণী কলা কেন্দ্ৰ‌”ই প্ৰদান কৰিলে “ৰাষ্ট্ৰীয় কলাগুৰু শ্ৰী ক্ষেত্ৰ সন্মান”। মধ্য অসমৰ বিভিন্ন স্থানৰ শিশু,কিশোৰ-কিশোৰী,যুৱক-যুৱতীৰ মাজত ঢোল,খোল,নেগেৰা,পেঁপা, বিহুনৃত্য,ৰাসনৃত্য আদি প্ৰশিক্ষণ প্ৰদানৰ জড়িয়তে লোক সংস্কৃতিৰ জ্ঞান বিলাই অহা এইগৰাকী শিল্পীক “ত্ৰিবেণী কলা কেন্দ্ৰ‌”ই আয়োজন কৰা ব্ৰহ্মপুত্ৰ কলা মহোৎসৱত লোক সংস্কৃতিৰ গুৰু হিচাপে প্ৰদান কৰিলে এই সন্মান। এই সন্মানত শিল্পী গৰাকীলৈ ত্ৰিবেণী কলা কেন্দ্ৰ‌ই এখন সম্বৰ্ধনা পত্ৰৰ উপৰি এখন গামোছা,চেলেং আৰু এটা স্মাৰক আৰু আগবঢ়ায় । যাক লৈ এতিয়া শিল্পীগৰাকীৰ লগতে উৎফুল্লিত হৈ পৰিছে সমূহ পুৰণিগুদামৰ জলাহগাঁৱৰ অঞ্চলবাসী । ঋতু পৰ্ণ শৰ্মা,নগাঁও

Shahnawaz Hamza

Related