আকৌ ৰাখী সাৱন্তৰ বিয়াৰ খবৰ! এইবাৰ এইগৰাকী পাকিস্তানীৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব ৰাখী? কোন এই ডোডী খান?

আকৌ ৰাখী সাৱন্তৰ বিয়াৰ খবৰ! এইবাৰ এইগৰাকী পাকিস্তানীৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব ৰাখী? কোন এই ডোডী খান?

বলীউদৰ ড্ৰামা কুইন হিচাপে খ্যা ৰাখী সাৱন্তক লৈ বিতৰ্কৰ অন্ত নাই। বলীউদৰ অভিনেত্ৰী তথা বিগ বছৰ প্ৰতিযোগী ৰাখী সাৱন্ত অধিকাংশ সময়তে বিতৰ্কিত কাৰ্যকলাপৰ বাবে চৰ্চাত থাকে।

কিন্তু এইবাৰ তেওঁ চৰ্চালৈ আহিছে তেওঁৰ আগন্তুক বিয়াৰ বাবে। সম্প্ৰতি অভিনেত্ৰীগৰাকীয়ে নিজেই সদৰি কৰিছে পাকিস্তানৰ অভিনেতা আৰু প্ৰযোজক ডোডী খানৰ সৈতে বিয়াৰ কথা।

তাৰ পিছে সামাজিক মাধ্যমত চৰ্চা চলিছে। কোন এই ডোডী খান? ডোডী খান কেৱল অভিনেতা বা চলচ্চিত্ৰ নিৰ্মাতাই নহয়, তেওঁ এজন আৰক্ষী বিষয়াও। পাকিস্তানত সকলো ৰীতি-নীতি মানি বিয়াৰ পিছত দুয়োজনে ভাৰতত ৰিচেপশ্যনৰ পৰিকল্পনাও কৰিছে।

ইমানেই নহয়, হানিমুনলৈ ক’লৈ যাব সেই পৰিকল্পনাও কৰিছে। ৰাখী আৰু ডোডীয়ে ছুইজাৰলেণ্ড বা নেডাৰলেণ্ডছলৈ হানিমুনলৈ যাব পাৰে, অৱশ্যে পিছত দুয়ো ডুবাইত স্থায়ীভাৱে থাকিব।

২০২২ চনত আদিল দুৰানিৰ সৈতে বিবাহপাশত আবদ্ধ হয় ৰাখী। অৱশ্যে সেই সম্পৰ্ক বেছিদিন নিটিকিল। ২০২৩ চনৰ আৰম্ভণিতে সেই সম্পৰ্ক ভাঙি যায়। এইবাৰ ৰাখী আৰু ডোডীৰ সম্পৰ্ক কিমান দিন চলে সেয়া হ’ব লক্ষণীয়।

GTM Desk