নৱগঠিত আছা’ৰ ওদালগুৰি জিলা সমিতিক লৈ কাৰ্যনিৰ্বাহক সমিতিৰ সংবাদমেল

নৱগঠিত আছা’ৰ ওদালগুৰি জিলা সমিতিক লৈ কাৰ্যনিৰ্বাহক সমিতিৰ সংবাদমেল

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছা’ৰ ৯ জানুৱাৰীত অনুষ্ঠিত হোৱা ওদালগুৰি জিলা অধিৱেশনত কেন্দ্ৰীয় সভাপতি প্ৰদীপ নাগৰ তত্বাৱধানত গঠন হোৱা ওদালগুৰি জিলা সমিতিক সংবাদমেল যোগে অসাংবিধানিক আৰু অবৈধ ঘোষণা আছা’ৰ কাৰ্যনিৰ্বাহক সমিতিৰ |

ক্ষমতা লোভী আৰু পদবী লোভীৰ বাবে ক্ৰমান্বয়ে তিনিটা আগত বিভক্ত হ’ল সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছা | বৃহত্তৰ আদিবাসী জনগোষ্ঠীৰ লোকসকলৰ উন্নয়নৰ স্বাৰ্থত ১৯৯৬ চনত গঠন হোৱা সংগঠনটোৰ প্ৰতিষ্ঠাপক সভাপতি শ্বহীদ জাষ্টিন লাক্ৰাৰ মৃত্যুৰ পাছতে প্ৰতিষ্ঠাপক সম্পাদক যোছেফ মিঞ্জ আৰু ষ্টিফেন লাক্ৰাৰ মাজত দুভাগত বিভক্ত হোৱা সংগঠনটো পুনৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ নাগৰ তত্বাৱধানত তিনিটা ভাগত বিভক্ত হোৱা দেখিবলৈ পোৱা গল | আদিবাসী জনগোষ্ঠীৰ ত্যাগ আৰু বলিদানক জলাঞ্জলি দি একপ্ৰকাৰে এই তিনিওঁ নেতাই যেন নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে সংগঠনটোক একত্ৰিত নকৰি নিজৰ মাজতে পদবীক লৈ খোৱা-কামোৰাত ব্যস্ত হৈ পৰিছে | যোৱা ৯ জানুৱাৰীত ওদালগুৰি জিলাত কেন্দ্ৰীয় সভাপতি প্ৰদীপ নাগে নতুনকৈ গঠন কৰি দিয়া আছা’ৰ ওদালগুৰি জিলা সমিতিক অবৈধ আৰু অসাংবিধানিক বুলি এক সংবাদমেল যোগে ঘোষণা কৰে আছা’ৰ ওদালগুৰি জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সমিতিয়ে | লগতে সংগঠনটোক একত্ৰীকৰণ নকৰি নিজ ইচ্ছা অনুযায়ী আপোন মানুহবোৰক জিলা সমিতিত অন্তৰ্ভুক্ত কৰিবলৈ কোনে অনুমতি দিলে বুলি প্ৰশ্ন কৰে কাৰ্যনিৰ্বাহক সমিতিখনে | ইপিনে জাতিটোৰ লগত প্ৰৱঞ্চনা নকৰিবলৈ পৰামৰ্শ প্ৰদীপ নাগক | যদিহে সংগঠনটোৰ মাজত ভাতৃঘাটিক সংঘৰ্ষ হৈ তেন্তে সেই সংঘৰ্ষৰ দায়ী প্ৰদীপ নাগ হ’ব বুলি সংবাদমেল যোগে কয় কাৰ্যনিৰ্বাহক সমিতি খনে |

GTM Desk

Related