ডকলঙীয়া চাহ বাগিছাত AASAAৰ প্ৰতিবাদ

ডকলঙীয়া চাহ বাগিছাত AASAAৰ প্ৰতিবাদ

মৰিয়নীৰ ডকলঙীয়া চাহ বাগিছাত শ্ৰমিকক প্ৰাপ্য সা সুবিধা প্ৰদানৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ প্ৰতিবাদ।

আছাৰ কলীয়াপানী প্ৰাথমিক গোটৰ উদ্যোগত চাহ শ্ৰমিকৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰা, শ্ৰমিকক প্ৰাপ্য সা সুবিধা প্ৰদান কৰাৰ দাবীত আজি ডকলঙীয়া চাহ বাগিছাৰ কলঘৰ ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। প্ৰতিবাদী কাৰ্যসূচীত আছাৰ কৰ্মীৰ লগতে বাগিছা খনৰ শ্ৰমিক সকলেও অংশগ্ৰহণ কৰে।

প্ৰতিবাদকাৰী সকলে শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰা, অস্থায়ী শ্ৰমিক সকলক স্থায়ীকৰন কৰা, শ্ৰমিকৰ অনাদায় পি এফৰ ধন জমা কৰা, বাগিছাত চিকিৎসক নাৰ্চ নিযুক্তি দিয়া, গ্ৰেচুইটিৰ ধন মোকলাই দিয়াকে ধৰি শ্ৰমিক সকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা সমাধানৰ দাবী জনায়।

Source: Dainik Janambhumi

Desk Editor