সাঁতোৰত ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছে শিৱসাগৰৰ আস্থাই

1 min read

শিৱসাগৰৰ সন্তান আস্থা চৌধুৰী(Astha Choudhury)ৰ বিশেষ সফলতা ৷ ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতা(National Swimming Competition)ত জুনিয়ৰ আৰু ছিনিয়ৰ দুয়োটা শাখাত পূৰ্বৰ অভিলেখ ভংগ কৰিলে আস্থাই ৷ বেংগালুৰুত অনুষ্ঠিত হোৱা 47 সংখ্যক গ্লেনমাৰ্ক জুনিয়ৰ ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতা(47th Glenmark Junior National Swimming Competition)ত 100 মিটাৰ বাটাৰ ফ্লাই শিতানত 1.02.71 সময় সাঁতুৰি নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে অসম সন্তানগৰাকীয়ে ৷

আস্থাই জুনিয়ৰ শাখাত অভিলেখৰ লগতে ভাৰতৰ ছিনিয়ৰ শাখাতো থকা অভিলেখ ভংগ কৰিবলৈ সক্ষম হয় । 12 বছৰৰ পূৰ্বে উক্ত শিতানত 1.03.24 ছেকেণ্ড সময় লৈ গঢ়া ছিনিয়ৰ শাখাৰ অভিলেখৰ সুদীৰ্ঘ এটা যুগৰ পাচত এই নতুন অভিলেখ গঢ়ি তোলে খেলুৱৈগৰাকীয়ে ৷ সেইদৰে একেই শিতানত জুনিয়ৰ ৰেকৰ্ডৰ সময় আছিল 1.04.66 ছেকেণ্ড । ছিনিয়ৰ আৰু জুনিয়ৰ দুয়োটা শাখাৰ অভিলেখ মাত্ৰ 17 বছৰ বয়সতেই ভংগ কৰি ভাৰতৰ সাঁতোৰ মহলত এক জোকাৰণিৰ সৃষ্টি কৰিছে আস্থা চৌধুৰীয়ে ।

সাঁতোৰত লাভ কৰা এনে সফলতাৰ বাবে আস্থাই তেওঁৰ প্ৰশিক্ষক পাৰ্থপ্ৰতীম মজুমদাৰক বিশেষ ধন্যবাদ জ্ঞাপন কৰে । সংবাদ মাধ্যমৰ আগত আস্থাই কয়, ‘‘বিগত দুবছৰৰ পৰা জুনিয়ৰ শাখাত ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত অংশ লৈ আহিছো । এইক্ষেত্ৰত মোৰ প্ৰশিক্ষক পাৰ্থপ্ৰতীম মজুমদাৰক ধন্যবাদ জ্ঞাপন কৰিছো । তেওঁৰ অবিহনে মই এই সফলতা লাভ কৰিব নোৱাৰিলোহেতেন । তেওঁ মোৰ আটাইতকৈ ডাঙৰ সমৰ্থক’’ ।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনিৰ বাবে বিগত তিনিমাহৰ পৰা প্ৰস্তুতি চলাই অহা আস্থাই ক’ভিড(Covid) পৰিস্থিতিয়ে খেলত পেলোৱা প্ৰভাৱৰ কথা উল্লেখ কৰে । সাঁতোৰ প্ৰশিক্ষণৰ কেন্দ্ৰসমূহ বন্ধ হৈ পৰাৰ ফলত তেওঁলোকে ঘৰলৈ গুচি যাবলগীয়া হয় । এই পৰিস্থিতি সকলো সাঁতোৰবিদে দেখিব লগা হৈছিল বুলি তেওঁ উল্লেখ কৰে ৷

খেলুৱৈগৰাকীয়ে কয়, ‘‘আমাৰ প্ৰশিক্ষণ আৰু দৈনিক অভ্যাস ৰৈ গৈছিল । কিন্তু তেনে সময়তে মোৰ পিতৃ-মাতৃয়ে কাষত থিয় হৈ মোক সাহস দিছিল । এতিয়া পৰিস্থিতি কিছু সামান্য হোৱাৰ পাচত তিনিমাহৰ পৰাহে পুনৰ পুলত প্ৰশিক্ষণ ল’ব পাৰিছো’’ ৷ আস্থাৰ এনে সফলতাই সততে ভাৰতৰ ক্ৰীড়া মহলত এক আশাৰ বতৰা কঢ়িয়াই আনিছে ।

অসমৰ ক্ৰীড়া অনুৰাগীয়ে আস্থাৰ এনে সফলতাত সন্তোষ প্ৰকাশ কৰিছে । শিৱসাগৰ ক্ৰীড়া সন্থাই আস্থাৰ সফলতাত আনন্দ প্ৰকাশ কৰি খেলুৱৈগৰাকীলৈ অভিনন্দন জ্ঞাপন কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফল হোৱাৰ কামনা কৰিছে । লগতে আস্থাৰ অভিভাৱকৰ প্ৰচেষ্টাকো শলাগিছে শিৱসাগৰ ক্ৰীড়া মহলে ৷

You May Also Like

More From Author