আছুত চৰম আৰাজকতা…একাংশ সদস্যই নামানে সংগঠনটোৰ নীতি আদৰ্শ  

আছুত চৰম আৰাজকতা…একাংশ সদস্যই নামানে সংগঠনটোৰ নীতি আদৰ্শ  

সদৌ অসম ছাত্ৰ সন্থা। যাৰ অসমত এক সুকীয়া পৰিচয় আৰু নিজৰ এখন সংবিধান আছে। নিষ্ঠাৱান কৰ্মীও বহুত আছে।    কিন্তু বৰ্তমান সময়ত আছুৰ একাংশৰ সদস্যই নামানে নিজৰেই সংবিধান। নামানো কোনো ধৰণৰ নীতি আদৰ্শ।

শেহতীয়াকৈ  আছুৰ কেইজনমান সদস্যই কৰ্ট মেৰিজ কৰাৰ তথ্য আমাৰ হাতত আহি পৰিছে। আমাৰ হাতত আহি পৰা তথ্য মতে আছুৰ কেইজন মান সদস্যই কৰ্ট মেৰিজ কৰিছে অথচ আছুৰ লগত সক্ৰিয় ভাৱে জড়িতও হৈ আছে। আনকি বিবাহৰ আঙুঠিও খুলি ৰাখে বুলি এক বিশেষ সূত্ৰই দাবী কৰিছে। যাৰ পৰিপেক্ষিতত কাৰ্যত বহু নিষ্ঠাৱান কৰ্মীৰ মন ভাগি পৰা পৰিলক্ষিত হৈছে।  নাম প্ৰকাশত অনিশ্চুক কেইজন মান ছাত্ৰই এনে দৰে ক্ষোভ প্ৰকাশ কৰে। শীৰ্ষ নেতৃত্বৰ ৰোষত পৰাৰ ভয়ত নাম প্ৰকাশৰ পৰা বিৰত আছে  অভিযোগ উত্থাপন কৰা  ছাত্ৰ কৰ্মী কেইজনে।

এতিয়া প্ৰশ্ন উত্থাপিত হৈছে কিয় এই সংবিধান বিৰোধী কাৰ্য। কেৱল ছাত্ৰ নেতা হোৱাৰ সুবাদ নে অন্য কিবা। কোনো বিচাৰ কৰিব এনে ধৰণৰ কাৰ্যক। বিবাহ কাৰ্যক কোনো বাধা দিব নোৱাৰে, কিন্তু ছাত্ৰ সন্থাৰ পৱিত্ৰ মজিয়াখন কলষিুত কৰাৰ অধিকাৰ এওঁলোকক কোনো প্ৰদান কৰিলে।

GTM Desk