অভয়াপুৰীৰ সিদলসতীত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিলে কেবাটাও দল-সংগঠনে

আব্দুল লতিফৰ প্ৰতিবেদন:

বঙাইগাঁও জিলাৰ মাজেৰে যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটো এতিয়া চাৰিলেনযুক্ত পথলৈ উন্নীত হৈছে ।

নিৰ্মাণকাৰ্য চলি থকাৰ সময়তে ৰাখালডুবিৰ পৰা যোগীঘোপালৈ পথচোৱাত বহু পৰিয়ালৰ ম্যাদী পট্টাৰ মাটি, ঘৰ, মূল্যবান গছ-গছনি আদিৰ ক্ষতিপূৰণ নোপোৱাৰ বাবে ৰাজপথলৈ ওলাই আহিছে ৰাইজ তথা স্থানীয় দল সংগঠন ৷

ৰাইজৰ অভিযোগ ৭০% কাম সম্পূৰ্ণ কৰাৰ পিছতো ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ প্ৰাধিকৰণ চমুকৈ NHIDCL এ উপযুক্ত ক্ষতিপূৰণ নিদিয়াৰ অভিযোগ কৰি দল-সংগঠনে পথ অৱৰোধ কৰে । পথ অৱৰোধৰ ফলত কিছু সময়ৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথটোৰে যান-বাহনৰ চলাচল ব্যাহত হৈ পৰে ।

ক্ষতিপূৰণ বিচাৰি ৰাইজে জিলা উপায়ুক্ত, চক্ৰবিষয়া, অতিৰিক্ত উপয়ুক্তৰ সৈতে বহুবাৰ যোগাযোগ কৰিছিল যদিও এবছৰ উকলি যোৱাৰ পিছতো সুফল নোপোৱাত আজি পথ অৱৰোধ কৰাৰ পিছতে সংবাদমেল সম্বোধন NHIDCL ৰ বিষয়া পংকজ সিঙৰ বদলিকৰণৰো দাবী উত্থাপন কৰিছে আক্ৰাছুকে ধৰি গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, আৰু আৰছুয়ে ৷

error: Content is protected !!
%d bloggers like this: