দুধনৈত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনাঃ বঙাইগাঁৱৰ পাচনীয়াত শোকস্তব্ধ পৰিয়ালৰ লোকৰ প্ৰতিক্ৰিয়া

দুধনৈত ১৭  নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনাঃ বঙাইগাঁৱৰ পাচনীয়াত শোকস্তব্ধ পৰিয়ালৰ লোকৰ প্ৰতিক্ৰিয়া

যোৱানিশা দুধনৈ থানাৰ অন্তৰ্গত চৰাইমাৰী ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ জানিব পৰা মতে নিশা প্ৰায় ৭.৩০ বজাত বৰঝাৰ বিমান বন্দৰৰ পৰা গোৱালপাৰা অভিমুখে আহি থকা এখন মাৰুতি অল্ট’ৱে(AS 01 BR 3017 ) কুৱলীয়ে আৱৰি ধৰা পথৰ কাষত ৰখাই থোৱা এখন সংকেতবিহীন ট্ৰাকত(AS 18 3323 ) খুন্দা মৰাৰ ফলত ধংসস্তুপত পৰিণত হয় অল্ট’ বাহনখন ৷ ফলত থিতাতে নিহত হয় অতুল বৰ্মন (২৪) নামৰ আৰোহীজন ৷ আনহাতে বাবুল চন্দ্ৰ বৰ্মন (৪০) আৰু ভক্ত বৰ্মন (২৭) নামৰ লোকদুজন গুৰুতৰভাৱে আহত হয় ৷ আহত লোকদুজনক স্থানীয় লোকৰ তৎপৰতাত উদ্ধাৰ কৰি চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে যদিও বাবুল চন্দ্ৰ বৰ্মনক চিকিৎসকে নিশা প্ৰায় ১২ বজাত মৃত বুলি ঘোষণা কৰে ৷ নিহত আৰু আহতৰ ঘৰ বঙাইগাঁও জিলাৰ পাচনীয়াৰ পাহাৰগাঁৱত বুলি জানিব পৰা গৈছে ৷
ইপিনে আহত ভক্ত বৰ্মনে অভিযোগ উত্থাপন কৰিছে যে দুধনৈ আৰক্ষীয়ে সংবাদমাধ্যমক বিপথে পৰিচালিত কৰাৰ উদ্দেশ্যে ভুৱা মন্তব্য কৰিছে ৷ ঘটনা সংঘটিত হোৱাৰ সময়ত ঘটনাস্থলীত কোনো আৰক্ষীৰ লোক উপস্থিত নাছিল ৷ সেয়েহে দুধনৈ আৰক্ষীয়ে এনে ভুৱা মন্তব্য কৰাক লৈ পাহাৰবাসী ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ লগতে দুধনৈ আৰক্ষী বিষয়াৰ ওপৰত দৃষ্টান্তমুলক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীলৈ দাবী জনাইছে ৷
উল্লেখযোগ্য যে নিহত বাবুল চন্দ্ৰ বৰ্মন আসাম ৰাইফলছৰ কৰ্মৰত জোৱান ৷ ইম্ফলৰ পৰা ছুটীলৈ ঘৰমুৱা হৈছিল জোৱানজন ৷ নিহত ভতিজাক অতুল বৰ্মনে খুৰাকক আনিবলৈ গৈছিল বৰঝাৰ বিমান বন্দৰৰ পৰা ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি যান্ত্ৰিক বিজুতি ঘটা পথৰ কাষত ৰৈ থকা ট্ৰাকখনৰ ফলতেই মৃত্যুক সাৱতিলে একেখন পৰিয়ালৰে দুই ব্যক্তিৰ ৷

GTM Desk