Advertisement

সঘনাই মুৰৰ বিষ হোৱাৰ আঁৰত থকা ডাঙৰ কাৰণকেইটা

সঘনাই মুৰৰ বিষ হোৱাৰ আঁৰত থকা ডাঙৰ কাৰণকেইটা

সাধাৰণতে মুৰৰ বিষ সচৰাচৰ নহয়। কিন্তু যদি কাৰোবাৰ সঘনাই মুৰৰ বিষ হয় তেন্তে ইয়াক উপেক্ষা কৰিব নালাগে, কিয়নো ইয়াৰ আঁৰত কিছুমান কাৰণ থাকিব পাৰে। মুৰৰ বিষ হোৱাৰ ফলত মানুহৰ কাম-কাজ বন্ধ হৈ যাব পাৰে। সেয়েহে, যদি কোনোবাই মুৰৰ বিষৰ সমস্যাৰ সৈতে যুঁজি আছে, তেন্তে তেওঁ প্ৰথমতে ইয়াৰ আঁৰৰ কাৰণটো জনা উচিত।

সঘনাই মূৰৰ বিষ হোৱাৰ কাৰণঃ

• চৰ্দি-জ্বৰ

সাধাৰণতে চৰ্দি-জ্বৰ মুৰৰ বিষ হোৱাটো অতি সচৰাচৰ হয়, এনে পৰিস্থিতিত লগে লগে চিকিৎসকৰ ওচৰলৈ যোৱা উচিত। নহ’লে পিছত এই সমস্যাটো বৃদ্ধি হ’ব পাৰে।

• চাপ

বহুলোকৰ প্ৰায়ে বিভিন্ন চিন্তাৰে মনটো খেলি-মেলি কৰি থাকে যাৰ বাবে সাধাৰণতে মূৰত চাপ অনুভৱ হয় মুৰটো বিষাব ধৰে। এনে পৰিস্থিতিত, চাপ হ্ৰাস কৰিবলৈ, সুখী হৈ থাকিবলৈ চেষ্টা কৰা উচিত আৰু গভীৰ টোপনি লোৱা উচিত।

• অত্যাধিক সুৰা পান

বহুলোকে দৈনিক সুৰা পান কৰিবলৈ ভাল পায়। এনে লোকসকলে প্ৰায়ে মুৰৰ বিষত ভুগিব পাৰে। এনে পৰিস্থিতিত, যদি কোনোবাই মুৰৰ বিষৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, তেন্তে সুৰা বা ধূমপানৰ পৰা দূৰতে থাকক।

• চকুৰ সমস্যা

যদি কাৰোবাৰ চকুৰ সৈতে সম্পৰ্কিত কোনো সমস্যা হৈ থাকে, তেন্তে মুৰৰ বিষ হ’ব পাৰে। এনে পৰিস্থিতিত, যদি কাৰোবাৰ সদায়ে মুৰৰ বিষ হৈ থাকে, তেন্তে তৎক্ষণাৎ চিকিৎসকৰ সৈতে যোগাযোগ কৰা উচিত।

• ডিহাইড্ৰেচন

শৰীৰত পানীৰ অভাৱ হ’লেও মুৰৰ বিষ হ’ব পাৰে। এনে পৰিস্থিতিত মুৰৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ, শৰীৰটো হাইড্ৰেটেড কৰি ৰাখিব লাগে। ইয়াৰ বাবে, এদিনত কমেও ৮ গিলাচ পানী খাব লাগে।

 

বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।

Shahnawaz Hamza

Related