15.5 C
Assam
Wednesday, December 7, 2022

Featured News

আজিৰে পৰা আৰম্ভ কটন বিশ্ববিদ্যালয়ৰ স্নাতক বিজ্ঞান শাখাৰ নামভৰ্তি প্ৰক্ৰিয়া

Assamese Newsআজিৰে পৰা আৰম্ভ কটন বিশ্ববিদ্যালয়ৰ স্নাতক বিজ্ঞান শাখাৰ নামভৰ্তি প্ৰক্ৰিয়া

কটন বিশ্ববিদ্যালয়ৰ স্নাতক বিজ্ঞান শাখাৰ ২০২১-২২ বৰ্ষৰ প্ৰথম ষান্মাসিকৰ নামভৰ্তি মঙলবাৰৰ পৰা আৰম্ভ হ’ব ৷ মঙলবাৰে প্ৰথম দিনা 475 নম্বৰতকৈ অধিক নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলে নামভৰ্তিৰ প্ৰক্ৰিয়াত অংশ ল’ব পাৰিব ৷ নামভৰ্তিৰ প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় সকলো তথ্য বিশ্ববিদ্যালয়ৰ ৱেবছাইটত উপলব্ধ কৰা হৈছে ৷

মঙলবাৰে পুৱা ১০ বজাৰ পৰা অনলাইনযোগে আৰম্ভ হ’ব নামভৰ্তি প্ৰক্ৰিয়া ৷ এইবাৰ কৰ’ণাৰ ভয়াৱহতাৰ বাবে পূৰ্বতকৈ বহু পলমকৈ আৰম্ভ হৈছে নামভৰ্তি প্ৰক্ৰিয়া ৷ আনহাতে নামভৰ্তি প্ৰক্ৰিয়াও অনলাইন পদ্ধতিৰে কৰা হৈছে ৷ মঙলবাৰৰ নামভৰ্তি প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰি বুধবাৰে বিশ্ববিদ্যালয়খনত পুনৰ অনুষ্ঠিত কৰা হ’ব স্নাতক বিজ্ঞান শাখাৰ প্ৰথম ষান্মাসিকৰ নামভৰ্তি প্ৰক্ৰিয়া ৷

নামভৰ্তি প্ৰক্ৰিয়াৰ সন্দৰ্ভত কোনো তথ্য লাভৰ বাবে শিক্ষাৰ্থী তথা অভিভাৱকসকলে 0361-2601100 আৰু 88764-54313 নম্বৰত যোগাযোগ কৰিব পাৰিব ৷

আনহাতে, বিশ্ববিদ্যালয়খনৰ কলা শাখাৰ ২০২১-২২ বৰ্ষৰ প্ৰথম ষান্মাসিকৰ নামভৰ্তি প্ৰক্ৰিয়া 21 আৰু 22 অক্টোবৰৰ পৰা আৰম্ভ হ’ব ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: