অভিযুক্ত ৰিণ্টু শৰ্মাৰ হৈ ওকালতি নকৰে ধেমাজি জিলা উকীল সন্থাই

অভিযুক্ত ৰিণ্টু শৰ্মাৰ হৈ ওকালতি নকৰে ধেমাজি জিলা উকীল সন্থাই
মৰিধল মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াক বৰ্বৰভাৱে আক্ৰমণ কৰি হত্যা কৰাৰ গোচৰত অভিযুক্ত ৰিণ্টু শৰ্মালৈ আইনী সাহাৰ্য আগবঢ়োৱাৰ সিদ্ধান্তক নস্যাৎ কৰিছে ধেমাজি জিলা উকীল সন্থাই(Dhemaji Advocate Association) ৷ জিলাখনৰ কোনো অধিবক্তাই ৰিণ্টুৰ হৈ ওকালতি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ লগতে অভিযুক্ত ৰিণ্টুক ফাষ্টট্ৰেক আদালতত হাজিৰ কৰোৱাৰ দাবী জনায় ৷ ধেমাজি প্ৰেছ ক্লাৱত শনিবাৰে সংবাদ মাধ্যমৰ আগত এই সিদ্ধান্তৰ কথা সদৰী কৰে ধেমাজি জিলা উকীল সন্থাৰ উপ সভাপতি জয়ন্ত দত্তই ৷

GTM Desk

Related