মাৰাডোনাৰ ঘড়ীৰ পাছত উদ্ধাৰ টি–ছার্ট–জেকেট–জোতা ১১বিধ সামগ্রী

1 min read

বিশ্বৰ ফুটবল জগতৰ ঈশ্বৰখ্যাত ডিয়েগো মাৰাডোনাৰ এটা মূল্যৱান হাতঘড়ী শিৱসাগৰত এজন যুৱকৰ হাতৰ পৰা উদ্ধাৰ হোৱা ঘটনাহ বিশ্বজুৰি চাঞ্চল্য সৃষ্টি কৰি থকাৰ সময়তেহ এইবাৰ ধৃত ৱাজিদৰ জিম্মাৰ পৰা উদ্ধাৰ হৈছে হটোৰ পাছত সিটো সামগ্রী৷ উল্লেখ্য যে ডুবাই আৰক্ষীৰ জৰিয়তে কেন্দ্রীয় চোৰাংচোৱা সংস্থাৰ পৰা লাভ কৰা সূত্র অনুসৰি শিৱসাগৰ আৰক্ষীয়ে কালি পুৱা প্রায় ৪ বজাত চৰইদেউ জিলাৰ মথুৰাপুৰৰ সেউজপুৰত থকা ৱাজিদ হুছেইনৰ শহুৰেকৰ ঘৰৰ পৰা ফুটবলৰ ঈশ্বৰ মাৰাডোনাৰ চুৰি হাতঘড়ীসহ ৱাজিদক আটক কৰি আনিছিল৷উক্ত আন্তঃৰাষ্ট্রীয় অপৰাধক লৈ শিৱসাগৰ আৰক্ষীয়ে দেওবাৰে আগবঢ়োৱা তদন্ত প্রক্রিয়াত উদ্ধাৰ হৈছে আন কেতবোৰ সন্দেহজনক সামগ্রী৷  খুমটাইৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই আই পেড ২টা, জেকেট ১টা, ট্ৰেক পেণ্ট ১টা, টি–ছার্ট ১টা, জোতা ২ যোৰ, পুতলা ১টা, স্কোৱাচ ৰেকেট ২খন, হাত ঘড়ী ১টা, লাইটাৰ ৬টা, ভেচলিন ১টা আৰু টুপী ১টা উদ্ধাৰ কৰে৷

শিৱসাগৰ আৰক্ষীয়ে সকলো আইনী প্রক্রিয়া ৰক্ষা কৰি জব্দ কৰা এই সামগ্রীসমূহক লৈ অনুসন্ধান অব্যাহত ৰাখিছে যদিও এহসমূহ সামগ্রীৰ ভিতৰত কিমানসংখ্যক বিশ্বপ্রসিদ্ধ ফুটবলাৰ মাৰাডোনাৰ হয়, সেই বিষয়ত নিশ্চিত হ’ব পৰা নাই বুলি শিৱসাগৰ জিলা আৰক্ষীয়ে জানিবলৈ দিছে৷

আনহাতে অসম আৰক্ষীৰ আইন–শৃংখলা বিভাগৰ বিশেষ সঞ্চালক জি পি সিঙে  পুৱা টুহটাৰযোগে উদ্ধাৰ হোৱা সামগ্রীসমূহৰ ফটো দি “memorabilia” শব্দটো ব্যৱহাৰ কৰি কয় যে মাৰাডোনাৰ হেব্লট ঘড়ী উদ্ধাৰৰ পাছত তেওঁৰ স্মৰণসংপৃক্ত আন বহু সামগ্রী উদ্ধাৰ কৰা হৈছে৷ ইয়াৰ বিপৰীতে শিৱসাগৰ আৰক্ষীৰ শীর্ষ সূত্রই এতিয়াও এইসমূহ সামগ্রী কিংবদন্তি ফুটবল খেলুৱৈ মাৰাডোনাৰ হয় নে নহয়, সেয়া এতিয়াও নিশ্চিত নহয় বুলি সামাজিক মাধ্যমত সদৰী কৰিছে৷

উল্লেখ্য যে শনিবাৰে বিশ্বৰ আগশাৰীৰ হেব্লট কোম্পানীৰ দ্বাৰা নির্মিত মাৰাডোনাৰ লিমিটেড এডিচনৰ চুৰি ঘড়ীটো শিৱসাগৰৰ ৱাজিদ হুছেইনৰ পৰা উদ্ধাৰ হোৱাক লৈ সৃষ্টি হৈছিল তীব্র প্রতিক্রিয়া৷ স্বাভাৱিকতে শিৱসাগৰ আৰক্ষীও এই বিষয়ত বিমোৰত পৰিছিল৷ ডুবাইৰ ক’ত, কেতিয়া, কেনেকৈ মাৰাডোনাৰ হাতঘড়ীকে ধৰি আন আন সামগ্রীসমূহ চুৰি হ’ল ইয়াৰ কোনো তথ্য নথকাকৈ কেৱল ৱাজিদ হুছেইনৰ তথ্য কেন্দ্রীয় চোৰাংচোৱা সংস্থাৰ পৰা লাভ কৰাৰ পাছত ৱাজিদক লৈ কি কৰিব সেই বিষয়ক লৈও নিশ্চিত নাছিল অসম আৰক্ষীৰ লগতে শিৱসাগৰ আৰক্ষী৷ সেয়েহে চুৰিকাণ্ডৰ সৈতে জড়িত ৱাজিদক লৈ বিভিন্ন বিভ্রান্তিকৰ তথ্য আহিছিল৷ আনহে নালাগে ঘড়ীটো মাৰাডোনাৰ হয় নে নহয়, সেহ বিষয়ক লৈও সৃষ্টি হৈছিল প্রশ্ণৰ৷ ইয়াৰ সমান্তৰালভাৱে শিৱসাগৰত কোনো অপৰাধ সংঘটিত নকৰা কিন্তু ডুবাইত সংঘটিত কৰা চুৰি সামগ্রী হয়াত উদ্ধাৰ হোৱাৰ পাছত অভিযুক্ত ৱাজিদ হুছেহনক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিব নে নকৰে, সেই সন্দর্ভতো স্পষ্ট নাছিল শিৱসাগৰ আৰক্ষী৷

ডুবাই আৰক্ষীৰ এক সূত্রত চুৰি সামগ্রীসহ ৱাজিদক আটক কৰাৰ পাছত পৰৱর্তী সময়ত ৱাজিদ হুছেইনক ডুবাই আৰক্ষীৰ হাতত গতাহ দিব পাৰিব নে নোৱাৰে, সেহ বিষয় এতিয়াও স্পষ্ট নহয়৷ কিয়নো ইয়াৰ বাবে দুয়োখন দেশৰ মাজত বন্দী প্রত্যর্পণ চুক্তিকে আদি কৰি বহু কূটনৈতিক বিষয় জড়িত হৈ আছে৷ অৱশ্যে শিৱসাগৰ আৰক্ষীয়ে শেহতীয়াভাৱে এক নিজাববীয়া গোচৰৰ ভিত্তিত ৱাজিদ হুছেইনক গ্রেপ্তাৰ কৰা হৈছে বুলি জানিবলৈ দিছে৷ ঘটনা সন্দর্ভত শিৱসাগৰ সদৰ থানাত ১৩৮৮/২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৮০/৪১১ৰ আধাৰত অভিযুক্ত ৱাজিদ হুছেইনক আদালতত হাজিৰ কৰা হৈছে যদিও আদালতে আৰক্ষীক জিম্মা প্রদান কৰিছে নে ন্যায়িক জিম্মালৈ প্রেৰণ কৰে, সেয়া এতিয়াও জানিব পৰা হোৱা নাহ৷ অৱশ্যে কালি ৱাজিদ হুছেহনৰ ঘৰৰ পৰা উদ্ধাৰ কৰা সামগ্রীসমূহৰ প্রকৃত চিনাক্তকৰণ জৰুৰী হৈ পৰিছে৷ কিয়নো শিৱসাগৰ আৰক্ষীয়ে  জব্দ কৰা এইসমূহ সামগ্রী ফুটবলাৰ মাৰাডোনাৰ হয় নে নহয়, ইয়াৰ ওপৰত নির্ভৰ কৰিব অপৰাধৰ অভিযোগ৷

You May Also Like

More From Author