30 C
Assam
Wednesday, June 7, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

অন্যতম অভিযুক্ত এ জি পেৰাৰিভালনক কাৰামুক্তিৰ নিৰ্দেশ

Assamese Newsঅন্যতম অভিযুক্ত এ জি পেৰাৰিভালনক কাৰামুক্তিৰ নিৰ্দেশ

উচ্চতম ন্যায়ালয়ে বুধবাৰে ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ গোচৰত ৩০ বছৰতকৈও অধিক আজীৱন কাৰাবাস খাটি থকা এ জি পেৰাৰিভালনক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে। ন্যায়াধীশ এল নাগেশ্বৰ ৰাওৰ নেতৃত্বত গঠিত এজনীয়া বিচাৰপীঠে অনুচ্ছেদ ১৪২ৰ অধীনত বিশেষাধিকাৰ প্ৰয়োগ কৰি পেৰাৰিভালনৰ মুক্তিৰ নিৰ্দেশ দিছিল ।

এ জি পেৰাৰিভালনে কাৰাবাসত আৰু পেৰোলৰ থকা সময়ত তেওঁৰ আচৰণৰ সন্দৰ্ভত কোনো অভিযোগ নথকাত ৯ মাৰ্চত আদালতে তেওঁক জামিন প্ৰদান কৰিছিল ৷ ইয়াৰ পূৰ্বে ৪ মে’ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এল এন ৰাও আৰু বি আৰ গাভাইৰ বিচাৰপীঠে এ জি পেৰাৰভিলানৰ মুক্তি সম্পৰ্কীয় এখন আবেদনৰ শুনানি গ্ৰহণ কৰিছিল ।

আদালতে কৈছিল যে ৰাজ্যপাল, ৰাষ্ট্ৰপতিলৈ আবেদন প্ৰেৰণ কৰিব নোৱাৰি, কিয়নো ইয়াত তেওঁলোকৰ কোনো ভূমিকা নাই । এই সন্দৰ্ভত এ এছ জি নটৰাজে যুক্তি দৰ্শাইছিল যে ক্ষমাৰ সিদ্ধান্ত ৰাষ্ট্ৰপতিৰ ওপৰত এৰি দিয়া উচিত ৷ উল্লেখ্য যে, ১৯৯১ চনৰ ২১ মে’ৰ নিশা তামিলনাডুৰ শ্ৰীপেৰাম্বুদুৰত ধনু বুলি চিনাক্ত কৰা এগৰাকী মহিলা আত্মঘাতী বোমাৰুৱে ৰাজীৱ গান্ধীক হত্যা কৰিছিল ৷

কেন্দ্ৰৰ ক্ষমা আবেদনৰ ভিত্তিত উচ্চতম ন্যায়লয়ে শুনানি গ্ৰহণ কৰি 2014 চনৰ 18 ফেব্ৰুৱাৰীত পেৰাৰিভালন, সান্থান আৰু মুৰুগানৰ পূৰ্বৰ মৃত্যুদণ্ডৰ ৰায় সলনি কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!