আছুৰ ৰাজনৈতিক দল সুৰেখা চিঞাহীৰ দৰে

0 min read

ৰাজ্যৰ মিত্রজোঁট চৰকাৰৰ অন্যতম অংশীদাৰ তথা প্রধান আঞ্চলিক দল অসম গণ পৰিষদৰ (অগপ) ৩৬সংখ্যক প্রতিষ্ঠা দিৱস বুধবাৰে যোৰহাট জিলাৰ দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তর্গত ওপৰ দেউৰী গাঁৱত কেন্দ্রীয়ভাৱে অনুষ্ঠিত কৰা হয়৷ ওপৰ দেউৰী গাঁৱৰ ৰাজহুৱা ৰংগ মঞ্চত আয়োজিত প্রতিষ্ঠা দিৱসৰ অনুষ্ঠানস্থলীলৈ সভাপতি তথা মন্ত্রী অতুল বৰা, কার্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি কেন্দ্রীয় নেতৃবৃন্দক বিশাল মটৰচাইকেল ৰেলী, মিচিং–দেউৰী বিহু, গায়ন–বায়ন আদিৰে আদৰি আনে দলীয় কর্মীসকলে৷ ইয়াৰ পাছতে সভাপতি অতুল বৰাই দলৰ মূল পতাকা উত্তোলন কৰাৰ সমান্তৰালভাৱে প্রতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মুঠ ৩৬খন পতাকা উত্তোলন কৰা হয়৷ কার্যসূচী আৰম্ভ হয় দলৰ ৩৬খন পতাকা উত্তোলনেৰে৷ প্রতিষ্ঠা দিৱসৰ কেন্দ্রীয় অনুষ্ঠানৰ মুকলি সভাত ভাষণ দি সভাপতি অতুল বৰাই কেতবোৰ গুৰুত্বপূর্ণ মন্তব্য কৰে৷ তেওঁ নিজ ভাষণত আক্রমণৰ লক্ষ্য কৰি লয় সদৌ অসম ছাত্র সন্থা (আছু) আৰু ছাত্র সংগঠনটোৰ উদ্যোগত শেহতীয়াভাৱে জন্মলাভ কৰা নতুন ৰাজনৈতিক দল অসম জাতীয় পৰিষদক (এজেপি)৷ অগপই বিগত সময়ছোৱাত কৰি অহা ভুল–ত্রুটিৰ বাবে ৰাইজৰ ওচৰত ক্ষমা বিচাৰি আজিৰ দিনটোৰ পৰাই অগপই নতুন চিন্তা আৰু পথেৰে আগবাঢ়িব বুলি তেওঁ মন্তব্য কৰে৷ তেওঁ কয় যে কংগ্রেছে অসমীয়াৰ খিলঞ্জীয়া সত্তা নিঃশেষ কৰি ৮৫৫জন তেজাল যুৱকক হত্যা কৰিছে৷ সেই শ্বহীদসকলৰ চৰম ত্যাগৰ ফলতেই জন্ম হৈছিল অগপৰ৷ অসমত অগপহে আঞ্চলিকতাবাদৰ ধ্বজাবাহক৷ আমি সন্মুখৰ পৰা আছুক নেতৃত্ব দিছিলোঁ৷ আছুত যাতে দলীয় ৰাজনীতিৰ চেকা নালাগে, তাৰ প্রতি সজাগ আছিলোঁ৷ কিন্তু এতিয়া এচামে আছুক বদনাম–নিঃশেষ কৰিবলৈ উঠিপৰি লাগিছে৷ যাৰ বাবে এতিয়া আছুৱে ৰাজনৈতিক দল গঠন কৰি নামটো অগপৰ সৈতে প্রায় একে ৰাখিছে৷ এই সন্দর্ভত অগপৰ সভাপতিজনৰ মুখত শুনা গ’ল চিঞাহীৰ প্রসংগ৷ তেওঁ কয় যে সৰুতে আমি ‘সুলেখা’ নামৰ এবিধ চিঞাহী ব্যৱহাৰ কৰিছিলোঁ আৰু এই চিঞাহীবিধ জনপ্রিয় আছিল৷ কিন্তু তাৰ মাজতে বজাৰত ‘সুলেখা’ নামটোৰ সৈতে সামঞ্জস্য থকা ‘সুৰেখা’ নামৰ আন এবিধ চিঞাহী উপলব্ধ হৈছিল৷ যিটো আছিল ডুপ্লিকেট৷ এতিয়া তেনেধৰণৰ ঘটনাই সংঘটিত হৈছে৷ আছুৰ ৰাজনৈতিক দলটোক ডুপ্লিকেট চিঞাহী বুলি কটাক্ষ কৰে অগপ সভাপতিজনে৷ অর্থাৎ অগপক ‘সুলেখা’ আৰু এজেপিক ‘সুৰেখা’ চিঞাহী আখ্যা দিয়ে অগপ সভাপতি অতুল বৰাই৷ তেওঁ পুনৰ কয় যে এতিয়া ১৯৮৫ চনৰ দিন নাই যদিও অগপলৈ ভাল দিন আহিব আৰু আমাৰ দলে জাতিক সেৱা কৰাৰ সুযোগ লাভ কৰিব৷ সম্প্রতি আছুক নিঃশেষ কৰিবলৈ এচামে উঠিপৰি লাগিছে৷ এমুঠি ন্যস্তস্বার্থজড়িত ব্যক্তিৰ বাবে আছুৰ মজিয়া ব্যৱহাৰ হোৱাটো দুখজনক৷ সভাত ভাষণ দি অগপৰ কার্যকৰী সভাপতি কেশৱ মহন্তই কয় যে বর্তমান অগপই ন–সাজেৰে ওলাইছে৷ বিধান পৰিষদ, মণ্ডল পৰিষদ আৰু ছাত্র পৰিষদ গঠন কৰি তৃণমূল পর্যায়ত দলক শক্তিশালী কৰাৰ ব্যৱস্থা গ্রহণ কৰা হৈছে৷ পূর্বতে দলৰ মজিয়াত হোৱা ভুল বুজাবুজিৰ বাবে যিসকলে দল ত্যাগ কৰি ওলাই গৈছিল, তেওঁলোকক পুনৰ অগপলৈ উভতি অহাৰ বাবে তেওঁ আহ্বান জনায়৷ এই প্রসংগত তেওঁ কয় যে পুৰণি কথাবোৰ পাহৰি যোৱা উচিত৷ জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰাৰ বাবেই কল্পনা পাটোৱাৰীৰ দৰে কণ্ঠশিল্পীয়ে অগপত যোগদান কৰিছে৷ দললৈ শীঘ্রে সাহিত্যৰ কাণ্ডাৰীৰো আগমন ঘটিব৷ ফলত অগপত নতুন চিন্তাৰ উন্মেষ হ’ব৷ ৰাইজে এতিয়া ৰাজপথত টায়াৰ জ্বলোৱাটো নিবিচাৰে৷ বৰঞ্চ অগপই আত্মশুদ্ধিৰে অসম আৰু জনসাধাৰণক আগুৱাই নিয়াটোহে বিচাৰে৷ মুকলি সভাত উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক উৎপল বৰুৱাই আঞ্চলিকতাবাদ সম্পর্কত কয় যে অসমত আঞ্চলিকতাবাদ ৩৫ বছৰীয়া হ’লেও দেশত আঞ্চলিকতাবাদৰ ইতিহাস বহু পুৰণি৷ ৰাজনীতিত আঞ্চলিকতাবাদৰ প্রাসংগিকতা যথেষ্ট গুৰুত্বপূর্ণ৷ বিগত বহু বছৰ ধৰি চৰকাৰ গঠনত আঞ্চলিকতাবাদী দলে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে৷ আঞ্চলিকতাবাদী দলৰ ৰাষ্ট্রীয় দৃষ্টিভংগী থকা প্রয়োজন৷ অসমৰ ৰাজনীতিত গঠন হোৱা মিত্রজোঁটে দিল্লীত ৰাজ্যৰ সমস্যাসমূহ দাঙি ধৰাৰ সুযোগ লাভ কৰিছে বুলিও তেওঁ মন্তব্য কৰে৷ অগপক সমালোচনা কৰাসকলে প্রকৃততে বাঁও শিবিৰৰ লোক বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে সেই লোকসকলে কংগ্রেছ দলক ভাল পায়৷ তেনে লোকৰ অপপ্রচাৰত হতাশ হোৱাৰ কোনো প্রয়োজন নাই৷ দলৰ প্রতিষ্ঠা দিৱসৰ কেন্দ্রীয় অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্রপ্রসাদ বৈশ্যই কয় যে অসমৰ হকে কাম কৰাৰ প্রতিশ্রুতি প্রদানৰ আজি ৩৫ বছৰ সম্পূর্ণ হ’ল৷ ৰাজ্যত পূর্বতে আঞ্চলিকতাবাদ আছিল যদিও প্রকৃত আঞ্চলিকতাবাদৰ জন্ম অগপ দলৰ পৰাহে হৈছে৷ শেহতীয়াভাৱে অগপত যোগদান কৰা কণ্ঠশিল্পী কল্পনা পাটোৱাৰীয়েও অনুষ্ঠানত ভাষণ দিয়ে৷ তেওঁ কয় যে অগপই উভতি চোৱাৰ প্রয়োজন আছে৷ ঘৰৰ খুঁটা শক্তিশালী হ’লেহে নির্মাণকার্য ভাল হয়৷ নিজৰ স্বার্থৰ প্রতি লক্ষ্য নাৰাখি দলত নিজে কি দিব পাৰে, তাৰ প্রতিহে গুৰুত্ব দিয়াটো প্রয়োজন৷ ভাষণৰ মাজতে কেইবাটাও জনপ্রিয় গীত গাই উপস্থিত ৰাইজক তেওঁ আপ্লুত কৰে৷ লক্ষণীয়ভাৱে আজিৰ অনুষ্ঠানত উপস্থিত আছিল অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশী৷ কেইদিনমানৰ ভিতৰতে ড০ ৰাজবংশীয়ে অগপত যোগদান কৰিব বুলি সভাপতি অতুল বৰাই ৰাজহুৱাভাৱে ঘোষণা কৰে৷

You May Also Like

More From Author