26.8 C
Assam
Thursday, June 30, 2022

Featured News

India successfully tests high-speed expendable aerial target Abhyas

India on Wednesday successfully tested the indigenously-designed...

College student raped in Tripura

A 21-year college student was allegedly kidnapped...

এশ এবুৰি সমস্যাৰে মৃত্যুৰ গৰাহলৈ গতি কৰিছে অসম গ্ৰামীণ বিকাশ বেংকৰ চৰাইবাহী শাখাই

Assamese Newsএশ এবুৰি সমস্যাৰে মৃত্যুৰ গৰাহলৈ গতি কৰিছে অসম গ্ৰামীণ বিকাশ বেংকৰ চৰাইবাহী শাখাই

নিউজ ব্যুৰ’,নগাঁও,১৪জুন:–মাছৰ দৰে মুৰৰ পৰাই গেলিছে নেকি অসম গ্ৰামীণ বিকাশ বেংকৰ শাখাবোৰ ৷ এই ক্ষেত্ৰত অসম গ্ৰামীণ বিকাশ বেংকৰ মৰিগাঁও জিলাৰ চৰাইবাহী শাখাটোৱেই যেন প্ৰমাণ ৷ এশ এবুৰি সমস্যাৰ মাজত ক্ৰমাৎ মৃত্যুৰ গৰাহলৈ গতি কৰিছে চৰাইবাহীৰ এই শাখাটো ৷ এই ক্ষেত্ৰত গ্ৰাহকসকলৰ পৰা পোৱা অভিযোগ অনুসৰি অসম গ্ৰামীণ বিকাশ বেংকৰ চৰাইবাহী শাখাত কৰ্মচাৰীৰ অভাৱ ৷ সীমিত কৰ্মচাৰীয়ে প্ৰতিষ্ঠানটো পৰিচালনা কৰিবলগা হোৱাৰ বাবে গ্ৰাহক সকলৰ যিকোনো কাম সময়মতে নহয় ৷ বহু গ্ৰাহকে বহু মাহ ধৰি নিজৰ একাউণ্টৰ লগত ফোন নম্বৰ ৰেজিষ্ট্ৰেচন কৰিব পৰা নাই কৰ্মচাৰী অভাৱৰ বাবে ৷

ইয়াৰ উপৰি প্ৰতিষ্ঠানটোত থকা পাছবুক ”আপটুদেট”মেছিনটো বিগত চাৰি বছৰে বিকল হৈ থকাত গ্ৰাহকসকলৰ ব্যাপক সমস্যাৰ সৃষ্টি হৈছে ৷ লগতে নিজৰ নিজৰ পাছবুক “আপটুদেট” কৰিব নোৱাৰৰ বাবে টকা-পইছা লেনাদেনাৰ ক্ষেত্ৰত নানান সমস্যাৰ সৃষ্টি হৈছে গ্ৰাহক সকলৰ ৷ আনহাতে প্ৰতিদিনে গ্ৰাহকসকলে পাই অহা আন এক সমস্যা হ’ল সঘনে লিংক নথকা। প্ৰতিষ্ঠানটোত গ্ৰাহকসকলে ঘন্টা ঘন্টা ধৰি দীঘলীয়া শাৰী পাতি অপেক্ষা কৰিয়ো কেতিয়াবা নিজৰ সাচতীয়া ধন উলিয়াব নোৱাৰি বা আন আন কৰিব লগা কাম নকৰাকৈ উভতি যাব লগীয়া হয় বেংকটোত লিংক নথকাৰ বাবে ৷ আনহাতে কৰ্মচাৰী অভাৱৰ বাবেই বছৰ বছৰ ধৰি নতুন গ্ৰাহকে খুলিব পৰা নাই নতুন একাউণ্ট ৷ কিন্তু প্ৰতিষ্ঠানটোৰ সমস্যাসমূহ নিৰ্মূল কৰাৰ ক্ষেত্ৰত চৰাইবাহী শাখাটোৰ কৰ্তৃপক্ষ অথবা অসম গ্ৰামীণ বিকাশ বেংকৰ উৰ্ধতন কৰ্তৃপক্ষৰ কোনো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত ন’হল ৷ যাৰফলত শাখাটোৰ গ্ৰাহকসকলে দীৰ্ঘদিন ধৰি লেনদেনৰ ক্ষেত্ৰত লাভ কৰি অহা বিভিন্ন সমস্যাৰ বাবে নতুন একাউণ্ট খোলাটো বাদেই একাংশ ভুক্তভোগী গ্ৰাহকে শাখাটোৰ পৰা নিজৰ নিজৰ একাউণ্ট বন্ধ কৰি আন আন বিত্তীয় প্ৰতিষ্ঠানলৈ ধাপলি মেলিব লগা এক পৰিৱেশ সৃষ্টি হৈছে ৷ মুঠতে অসম গ্ৰামীণ বিকাশ বেংকৰ চৰাইবাহী শাখাত কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি প্ৰতিষ্ঠানটোৰ ভিতৰচ’ৰাত ঘটি থকা বিভিন্ন সমস্যাৰ বাবে দিনকদিনে মৃত্যুৰ গৰাহলৈ গতি কৰিছে বিত্তীয় প্ৰতিষ্ঠানটো । এনেদৰে পৰিচালিত হৈ থাকিলে কিছুদিনৰ পিছত শাখাটো বন্ধ হৈ যোৱাৰ উপক্ৰম হ’ব ৷ সেয়ে প্ৰতিষ্ঠানটো সম্পূৰ্ণ ধ্বংস হৈ যোৱাৰ পূৰ্বে সম্পূৰ্ণ সক্ৰিয় কৰি তুলিবলৈ অসম গ্ৰামীণ বিকাশ বেংকৰ উৰ্দ্ধতন কৰ্তৃপক্ষক দাবী জনাইছে গ্ৰাহকসকলে ৷

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: