ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা গ্ৰহণ অভিনেত্ৰী আইমী বৰুৱাৰ

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা গ্ৰহণ অভিনেত্ৰী আইমী বৰুৱাৰ

 ”বিৰুবালা- ‘উইটচ’ টু পদ্মশ্ৰী”-ৰ বাবে বিচাৰকৰ বিশেষ বঁটা

অন্ধবিশ্বাস দূৰ কৰাৰ বাবে বিৰুবালা ৰাভাই অহোপুৰুষাৰ্থ কৰিছিল : ৰাষ্ট্ৰপতি

বিশেষ বাৰ্তা, ৮ অক্টোবৰ : আজি প্ৰদান কৰা হয় ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। আইমী বৰুৱা প্ৰডাকচন ছ’চাইটীৰ প্ৰযোজনাত আৰু আইমী বৰুৱাৰ পৰিচালনাত নিৰ্মিত বিচাৰকৰ বিশেষ বঁটা লাভ কৰা “বিৰুবালা- ‘উইটচ’ টু পদ্মশ্ৰী”-ৰ বাবে তথ্যচিত্ৰ নিৰ্মাতা অভিনেত্ৰী আইমী বৰুৱাই আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মু্ৰ্মুৰ হাতৰ পৰা বঁটা গ্ৰহণ কৰে। সমাজৰ পৰা অন্ধবিশ্বাস দূৰ কৰাৰ বাবে বিৰুবালা ৰাভাই কিদৰে চেষ্টা চলাইছিল, বঁটা প্ৰদান অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে সেই বিষয়ে উল্লেখ কৰে। অন্ধবিশ্বাসৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰা, কঠিন পৰিস্থিতিতো পীড়িতসকলক সহায় কৰা বিৰুবালা ৰাভাই ২০২১ চনত পদ্মশ্ৰী সন্মান লাভ কৰাৰ বিষয়েও ৰাষ্ট্ৰপতিগৰাকীয়ে ভাষণত উল্লেখ কৰে।

GTM Desk

Related