AIUDF Chief Election Campain via Helicopter.

AIUDF Chief Election Campain via Helicopter.

▶ Check out my gear on Kit: https://kit.com/guwahatitimes6

পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা দিন। সমগ্ৰ ৰাজ্যত এতিয়া তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। দেওবাৰে জুৰীয়াত হেলিকপ্টাৰৰে উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ চলালে সাংসদ বদৰুদ্দিন আজমলে । সংখ্যালঘু অধ্যুষিত জুৰিয়াত আজমলে বাংলাদেশী মূর্দাবাদ ধ্বনিৰে চলালে নিৰ্বাচনী প্ৰচাৰ। সভাত বদৰুদ্দিন আজমলে অগপ ক কটাক্ষ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি অগপই মিত্ৰতাই ভংগ কৰিব লাগিছিল বুলি মন্তব্য কৰে। এতিয়াও মিত্ৰতা এৰিব নোৱাৰা অগপ নেতাই বিহ খাব লাগে বুলিও মন্তব্য বদৰুদ্দিন আজমলৰ।

জুৰীয়া গাওঁ পঞ্চায়তৰ সভানেত্ৰী পদৰ প্ৰাৰ্থী নীলিমা খাতুন আৰু জিলা পৰিষদৰ প্ৰাৰ্থী পাৰবিন চুলতানৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ, অগপ আৰু বিজেপিৰ গোপন বুজাবুজি থকাৰ কথা উল্লেখ কৰি বদৰুদ্দিনৰ মন্তব্য মুখ্যমন্ত্ৰী হিচাবে সৰ্বানন্দ সোণোৱাল এক লাখ শতাংশ ব্যৰ্থ। আজমমলৰ নিৰ্বাচনী প্ৰচাৰ সভাত কেবাসহস্ৰাধিক লোকৰ সমাগমে কঁপাইছে অগপ আৰু কংগ্ৰেছৰ ভেটি।

জুৰীয়াৰ পৰা পদুম ভূঞাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Desk Editor