মুখ্যমন্ত্ৰীৰ Intelligence বিফল হোৱাৰ বাবেই গৰুখুটিৰ ঘটনা সংঘটিত হৈছে : লুৰীণ

1 min read
শনিবাৰে মৰিয়নীত এক সাংগঠনিক সভাৰ বাবে উপস্থিত হ’ল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈ ৷ এই সময়তে সাংবাদিকৰ সৈতে হোৱা মুখা-মুখিত দৰঙৰ গৰুখুটিত সংঘটিত হোৱা ভয়ানক পৰিস্থিতি সন্দৰ্ভত মত আগবঢ়ালে লুৰীণ জ্যোতি গগৈয়ে ৷ উচ্ছেদৰ সপক্ষে থকা নিজৰ স্থিতি সম্পৰ্কে অৱগত কৰি তেওঁ গৰুখুটিত সংঘটিত হোৱা ঘটনাক অমানৱীয় আখ্যা দিয়ে ৷ উল্লেখযোগ্য যে, শেহতীয়াকৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক গৰাকীয়ে গৰুখুটিৰ ঘটনাক লৈ সামাজিক মাধ্যমত কৰা মন্তব্যক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷

You May Also Like

More From Author