অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ দুঘন্টীয়া অৱস্হান ধৰ্মঘট কাৰ্য্যসুচী ৰূপায়ণ

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ দুঘন্টীয়া অৱস্হান ধৰ্মঘট কাৰ্য্যসুচী ৰূপায়ণ

 ধেমাজিত নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা  ধেমাজি জিলাৰ উপায়ুক্ত কাৰ্য্যালয় সাপ্তাহিক বজাৰৰ পৰিবৰ্তে অন্য স্হানলৈ স্হানান্তৰ কৰা কাৰ্য বন্ধ কৰা আৰু মৰিঢলৰ ১-২ নং জামুগুৰি আৰু ২ নং বৰাচিয়াত পকীদলং অতি শীঘ্ৰে নিৰ্মাণ কৰাৰ দাবীত আজি অসম যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে এক অৱস্থান ধৰ্মঘট কাৰ্য্যসুচী ৰূপায়ণ কৰে ৷

ধেমাজি কাছাৰী ময়দানৰ সমীপত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসুচীত সংগঠনটোৰ শতাধিক কৰ্মকওা আৰু ৰাইজে অংশগ্ৰহণ কৰি অসম চৰকাৰ হায় হায় , ৰণোজ পেগু হায় হায় , নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা উপায়ুক্ত কাৰ্য্যালয় অন্য ঠাইলৈ স্হানান্তৰ বন্ধ কৰক , মৰিঢলত পকী দলং নিৰ্মাণ কৰক আদি শ্ল’গানেৰে সদৰৰ আকাশ – বতাহ কঁপাই তোলে ৷

দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসুচীত অংশগ্ৰহণ কৰি অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়াই  ধেমাজিত সদৰত নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা ধেমাজি জিলা উপায়ুক্ত কাৰ্য্যালয়টো সাপ্তাহিক বজাৰ পৰিবৰ্তে অন্য ঠাইলৈ স্হানান্তৰ কৰিবলৈ দিয়া নহ’ব বুলি উল্লেখ কৰি অতি সোনকালে ৰাইজৰ সুবিধাৰ্থে মৰিঢলৰ ১-২ নং জামুগুৰি আৰু বৰাচিয়াত একোখনকৈ পকীদলং  বিভাগীয় কতৃৰ্পক্ষই নিৰ্মাণ ব্যৱস্থা কৰাৰ দাবী তোলে ৷

ইয়াৰ পিছতে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়া আৰু সম্পাদক এৈলোক্য তামুলীৰ স্বাক্ষৰিত উক্ত দাবী সম্বলিত এখনি স্মাৰকপত্ৰ ধেমাজি উপায়ুক্তক প্ৰদান কৰে ৷

GTM Desk

Related