24.5 C
Assam
Tuesday, June 28, 2022

Featured News

Assam’s Nobojit Narzary is DID Little Masters Season 5 winner

Dance India Dance Li'l Masters Season 5 concluded...

অসমৰ বন্যাৰ্তলৈ ২৫ কোটি টকাৰ বান সাহায্য আম্বানীৰ

অসমৰ বান বিধ্বস্ত লোকসকলৈ দেশৰ বিভিন্ন প্ৰান্তৰ...

ৰাষ্ট্ৰীয় কাৰাটে প্রতিযোগিতাত স্বৰ্ণ পদক বিজয়ী ধেমাজিৰ খেলুৱৈ

Assamese Newsৰাষ্ট্ৰীয় কাৰাটে প্রতিযোগিতাত স্বৰ্ণ পদক বিজয়ী ধেমাজিৰ খেলুৱৈ

কেৰেলাৰ কোট্টায়ামত জে এচ কে এ নেশ্যনেল অপেন কাৰাটে চেম্পিয়নশ্বিপত অংশ গ্ৰহণ কৰি ধেমাজিৰ দুজন ছাত্ৰ আৰু এগৰাকী ছাত্ৰীয়ে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে ৷ নেশ্যনেল  অপেন কাৰাটে চেম্পিয়নশ্বিপ ২০২২  প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি  নিখিল চেতিয়া , ভাস্কৰ মৰান বৰুৱা আৰু সুদক্ষিনা গগৈয়ে একোটাকৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷

স্থানীয়ভাৱে কাৰাটে প্ৰশিক্ষণ গ্ৰহণ কৰা এই তিনিও ছাত্ৰ জীৱনত প্ৰথমবাৰলৈ  বাহিৰত খেলিবলৈ গৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷ অৱশ্যে নিজৰ সফলতাৰ বাবে নিজৰ পিতৃ-মাতৃ আৰু প্ৰশিক্ষকক ধন্যবাদ প্ৰদান কৰাৰ লগতে আৰু অধিক প্ৰতিযোগিতাত অংশ লোৱাৰ ইচ্ছা প্ৰকাশ কৰে ৷

ধেমাজি জিলাৰ অতি ভিতৰুৱা অঞ্চলৰ এই প্ৰতিভাশালী ছাত্ৰ কেইজনে  ভৱিষ্যতে দেশখনলৈ গৌৰৱ কঢ়িয়াই অনাত চৰকাৰে কেনে ভুমিকা গ্ৰহণ কৰিব সেইয়াই লক্ষ্যনীয় হ’ব ৷ ইপিনে , ধেমাজি জিলাখনৰ বিভিন্ন দল – সংগঠনে তেওঁলোকক উস্ম আদৰণি জনোৱাৰ লগতে ভৱিষ্যতে আৰু আগবাঢ়ি যাবলৈ আশা প্ৰকাশ কৰে ৷

 

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: