AFSPA বাতিলৰ দাবীত যুৱ ছাত্ৰ-পৰিষদৰ গুৱাহাটীত অৱস্থান ধৰ্মঘট

সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন বাতিলৰ দাবীত আজি ৰাজ্যজুৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ।গুৱাহাটী মহানগৰীৰ ৰটাৰী পইণ্টত মুখত ক’লা কাপোৰ বান্ধি সাব্যস্ত কৰে প্ৰতিবাদ।পৰিষদৰ মহানগৰ সমিতিৰ উদ্যোগত সাব্যস্ত কৰা এই অৱস্থান ধৰ্মঘটত উপস্থিত থাকে প্ৰায় অৰ্ধ-শতাধিক পৰিষদৰ কর্মী।

সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতাৰ আইন বাতিলৰ প্লে-কাৰ্ড প্ৰদৰ্শন কৰে প্ৰতিবাদকাৰীসকলে।ধৰ্মঘট কাৰ্যসূচীত মহানগৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি জিতুমণি পাটগিৰি, সাধাৰণ সম্পাদক প্ৰদীপ মজুমদাৰ উপস্থিত থাকে।

নাগালেণ্ডৰ মন জিলাত শেহতীয়া ভাৱে সেনাৰ বৰ্বৰ হত্যাকাণ্ডৰো তীব্ৰ গৰিহণা জনাই প্ৰতিবাদকাৰীয়ে।

ইফালে অৱস্থান ধৰ্মঘটস্থলীৰ পৰা দেশৰ ৰাষ্ট্ৰপ্ৰতিলৈ জিলা উপায়ুক্তৰ জৰিয়তে আইনখন বাতিলৰ দাবী জনাই স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

error: Content is protected !!
%d bloggers like this: