২৬ ডিচেম্বৰৰ পূৰ্বে উচ্চ ন্যায়ালয়ে প্ৰদান কৰিব ৰায়

২৬ ডিচেম্বৰৰ পূৰ্বে উচ্চ ন্যায়ালয়ে প্ৰদান কৰিব ৰায়

সমাপ্ত হ’ল অখিল গগৈৰ জামিন আবেদনৰ শুনানি।গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কল্যান ৰায় সুৰণা আৰু অজিত বৰঠাকুৰৰ বিচাৰপীঠে বৃহস্পতিবাৰে তেওঁৰ জামিন আবেদনৰ শুনানি সম্পন্ন কৰি ৰায় দান সংৰক্ষণ কৰি ৰাখে।

এনআইএৰ প্ৰতিনিধি এচভি ৰাজুৱে অখিল গগৈয়ে অসম বন্ধৰ আহ্বান কৰি দেশৰ অৰ্থনীতিলৈ ভাবুকি নমাই আনিলে বুলি যুক্তি দৰ্শাই অখিল গগৈৰ জামিনৰ বিৰোধিতা কৰে। এনেদৰে অৰ্থনীতিৰ ভাবুকিৰ মাধ্যমেৰে অখিল গগৈয়ে সন্ত্ৰাসবাদত লিপ্ত হৈছিল বুলিও যুক্তি দৰ্শাইছিল এনআইএয়ে।

আনফালে অখিল গগৈৰ অধিৱক্তা হুজেফা এহমদীয়ে এনআইএৰ যুক্তি খণ্ডন কৰি কয় যে, এনে হ’লে দিল্লীৰ প্ৰতিবাদকাৰী কৃষক সকলো সন্ত্ৰাসবাদী হৈ পৰিব। তেওঁ লগতে কোনোৱে চাইবাৰ সন্ত্ৰাস চলাই দেশৰ বেংকিং ধ্বংস কৰিলেহে সেয়া সন্ত্ৰাসবাদী কাৰ্যকলাপ হয় বুলিও উল্লেখ কৰে। অধিবক্তা জনে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্ত্য কৰিলেই সেয়া সন্ত্ৰাসবাদ নহয় বুুলিও উল্লেখ কৰি এই সম্পৰ্কে উচ্চতম ন্যায়ালয়ৰ ৰায়ো পাঠ কৰে।

GTM Desk

Related