25.7 C
Assam
Sunday, April 2, 2023

Featured News

Navjot Singh Sidhu released from Patiala Jail, was sentenced in road rage case

Cricketer-turned-politician Navjot Singh Sidhu was released from...

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

পুনৰ কাৰাগাৰলৈ যাবলৈ প্ৰস্তুত হৈছে অখিল গগৈ

Assamese Newsপুনৰ কাৰাগাৰলৈ যাবলৈ প্ৰস্তুত হৈছে অখিল গগৈ

পুনৰ কাৰাগাৰলৈ যাবলৈ প্ৰস্তুত হৈছে অখিল গগৈ । নিয়া’ৰ আপীলৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে যোৱা ৯ ফেব্ৰুৱাৰীত গোচৰটো পুনৰাম্ভ কৰিবলৈ নিৰ্দেশ দিছে। তথ্য-প্ৰমাণসহ ‘নিয়া’ৰ অভিযোগ প্ৰমাণ নোহোৱাত যোৱা ১ জুলাই ২০২১ তাৰিখে এই গোচৰটোৰ পৰা অখিল গগৈ আৰু তেওঁৰ সতীৰ্থসকলক ‘নিয়া’ আদালতে সম্পূৰ্ণ মুক্ত কৰি দিছিল। এতিয়া পুনৰ অখিল গগৈয়ে ২৩ ফেব্ৰুৱাৰীত আদালতত হাজিৰ হ’ব লাগিব।

ইয়াকে লৈ এক আৱেগিক ফেচবুক প’ষ্ট কৰিলে অখিল গগৈয়ে,তেওঁ ক’লে”কাৰাগাৰলৈ যাবলৈ প্ৰস্তুত হৈছো।আমাৰ বিৰুদ্ধে ‘কা’বিৰোধী আন্দোলনৰ ‘নিয়া’ৰ গোচৰটো পুনৰ আৰম্ভ হ’ল।’নিয়া’ৰ আপীলৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে যোৱা ৯ ফেব্ৰুৱাৰীত গোচৰটো পুনৰাম্ভ কৰিবলৈ নিৰ্দেশ দিছে। তথ্য-প্ৰমাণসহ ‘নিয়া’ৰ অভিযোগ প্ৰমাণ নোহোৱাত যোৱা ১ জুলাই ২০২১ তাৰিখে এই গোচৰটোৰ পৰা মোক আৰু মোৰ সতীৰ্থসকলক ‘নিয়া’ আদালতে সম্পূৰ্ণ মুক্ত কৰি দিছিল। কিন্তু চৰকাৰে মোৰ বিৰুদ্ধে পুনৰ ষড়যন্ত্ৰ আৰম্ভ কৰিলে; কাৰণ মই দৃঢ়তাৰে বিজেপি চৰকাৰ বিৰোধী অৱস্থান অব্যাহত ৰাখিলোঁ।

এতিয়া মই ২৩ ফেব্ৰুৱাৰীত আদালতত হাজিৰ হ’ব লাগিব। বোধহয় সিদিনাই মই পুনৰ কাৰাগাৰলৈ যাব লাগিব।আগৰবাৰ ‘কা’বিৰোধী এই গোচৰত ১ বছৰ ৭ মাহ জে’লত আছিলো, এইবাৰ কিমান দিন জে’লত থাকিব লাগিব নাজানো। আপোনালোক আটাইৰে পৰা এই সংকটৰ সময়ত আশীৰ্বাদ বিচাৰিলোঁ।আপোচ নকৰাই মোৰ একমাত্ৰ অপৰাধ। মোক আপোচৰ অনেক প্ৰস্তাৱ দিয়া হৈছিল; সকলোবোৰ মই দৃঢ়তাৰে নাকচ কৰিছিলো। মই জনগণ, জাতি আৰু দেশক বিশ্বাসঘাতকতা কৰিব নোৱাৰোঁ। বিশ্বাসঘাতকতা মোৰ তেজত নাই। সাম্প্ৰদায়িক ফেচিবাদীহঁতৰ সৈতে মই আপোচ কৰিব নোৱাৰো। তাতকৈ জে’লৰ জীৱনকে মই বাচি লৈছো। দৰকাৰ হ’লে ওৰে জীৱন কাৰাগাৰতে কটাম; কিন্তু জাতিক বিশ্বাসঘাটকতা নকৰোঁ।জয় আই অসম।ইনকিলাব জিন্দাবাদ।।”

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!