মুকলি আকাশৰ তললৈ আহিবনে অখিল গগৈ? আজি জামিনৰ শুনানি

আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিব অখিল গগৈৰ জামিনৰ শুনানি।উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা পি এছ নৰসিংহ আৰু ৰুণা ভূঞাই নতুন দিল্লীৰ পৰা ভিডিঅ’ কণফাৰেন্সিঙৰ যোগেদি অখিল গগৈক প্ৰতিনিধিত্ব কৰিব।

ন্যায়াধীশ কল্যাণ ৰাই চুড়ানা আৰু ন্যায়াধীশ মনোজিত ভূঞাৰ এখন দুজনীয়া বিচাৰপীঠে শুনানি গ্ৰহণ কৰিব।উল্লেখযোগ্য যে,নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত অখিল গগৈ গ্ৰেপ্তাৰ হৈছিল।

ইতিমধ্যে নিয়াই দাখিল কৰা চাৰ্জশ্বীটত গগৈক মাওবাদী সন্ত্ৰাসবাদী সংগঠনৰে জড়িত থকা বুলি কোৱা হৈছে।অখিল গগৈৰ ওপৰত ইটোৰ পিছত সিটো গোচৰ জাপি দিয়া হৈছিল।

Source: janambhumi.in

GTM Desk

Related