অখিল গগৈক বন্দী কৰি নির্বাচনত জয়ী হোৱাৰ স্বপ্ণ বিজেপিৰ

0 min read

অখিল গগৈ অবিহনেই ২০২১ৰ বিধানসভা নির্বাচনলৈ সাজু হৈছে ৰাইজৰ দল৷ অহা নির্বাচনত দলটোৱে অসমৰ ৰাইজৰ সহযোগত সর্বশক্তিৰে অৱতীর্ণ হ’ব৷ কালি উচ্চতম ন্যায়ালয়ত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ জামিন আবেদন নাকচ হোৱাৰ পাছত শুকুৰবাৰে এখন সংবাদ মেল সম্বোধন কৰি দলৰ কার্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াই কয় যে চৰকাৰে অখিল গগৈক ভয় কৰে বাবেই মুকলি কৰি দিয়াৰ সাহস কৰিব পৰা নাই৷ বিজেপি চৰকাৰে দেশত যি স্বৈৰাতন্ত্র প্রতিষ্ঠা কৰিছে, গণতন্ত্রক যিদৰে সমাধিস্থ কৰিছে, সাম্প্রদায়িক ৰাজনীতিৰে যিদৰে জনসাধাৰণক মূল সমস্যাৰ পৰা আঁতৰাই ৰাখিছে, দিল্লীৰ ওচৰত আত্মসমর্পণ কৰিছে, তাক প্রত্যাহ্বান জনাব পৰা একমাত্র মানুহজন আছিল অখিল গগৈ৷ এতিয়া অখিল গগৈক বন্দী কৰি লৈ ‘কা’ আন্দোলন মষিমূৰ কৰিলে, ৰাষ্ট্রীয় ঘাইপথৰ টোলগেটসমূহ এফালৰ পৰা মুকলি কৰি গ’ল৷ সংঘটিত হ’ল এটাৰ পাছত আন এটা নিযুক্তি কেলেংকাৰি৷ চৰকাৰে অখিল গগৈক মৃত্যু ভয় দেখুৱাইছিল, প্রলোভন দিছিল৷ তাৰ পাছতো তেওঁ আপোচ কৰিবলৈ অস্বীকাৰ কৰিলে৷ যাৰ বাবে আজিও তেওঁ কাৰাবন্দী৷ অখিল গগৈক বন্দী কৰি বিজেপিয়ে যে চৰকাৰ গঠনৰ দিবাস্বপ্ণ দেখিছিল, সেয়া বুজাই দিব৷

ক’ৰোনা ভাইৰাছতকৈ ভয়ংকৰ নাগৰিকত্ব সংশোধনী আইনঃ অজাপ

ক’ৰোনা ভাইৰাছতকৈও ভয়ংকৰ হৈছে নৰেন্দ্র মোদী চৰকাৰে প্রণয়ন কৰা নাগৰিকত্ব সংশোধনী আইন৷ ক’ভিড–১৯ৰ ভেকচিনৰ দৰেই অসম জাতীয় পৰিষদ শাসনলৈ আহিলে এই আইন প্রতিৰোধ কৰাৰ ব্যৱস্থা গ্রহণ কৰা হ’ব৷ –এই মন্তব্য অসম জাতীয় পৰিষদৰ উপ–সভাপতি অদীপ কুমাৰ ফুকনৰ৷ আজি এখন সংবাদ মেল সম্বোধন কৰি অজাপৰ নেতাগৰাকীয়ে কয় যে নৰেন্দ্র মোদীৰ নেতৃত্বত অসমীয়া জাতিৰ শিপা উভালিবলৈ চেষ্টা কৰা হৈছে৷ সেই বাবেই গৃহমন্ত্রী অমিত শ্বাহে পশ্চিমবংগত ‘কা’ বলৱৎ কৰাৰ ঘোষণা কৰিছে৷ অসম জাতীয় পৰিষদে গৃহমন্ত্রীগৰাকীৰ এই মন্তব্যৰ তীব্র বিৰোধিতা কৰিছে৷ কেন্দ্রীয় চৰকাৰে ‘কা’ বলৱৎ কৰাৰ তিলমান চেষ্টা চলালেও ইয়াৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰা হ’ব৷ প্রবল প্রতিৰোধ গঢ়ি তোলা হ’ব৷

You May Also Like

More From Author