‘মি়ঞাসকলক বাদ দি পূৰ্ণাংগ নহয় অসমীয়া জাতি’-কোনে ক’লে?

‘মি়ঞাসকলক বাদ দি পূৰ্ণাংগ নহয় অসমীয়া জাতি’-কোনে ক’লে?

 কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপন কৰিব লাগে বুলি বিতৰ্কৰ মাজত সোমাই পৰা বিধায়ক শ্বেৰমান আলীক সমৰ্থন আন এগৰকী কংগ্ৰেছী বিধায়কৰ। পূব গোৱালপাৰা সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলমৰ।  বিতৰ্কিত মন্তব্য কৰি সমগ্ৰ অসমীয়া জাতিৰ স্বাভিমানত আঘাত কৰিছে কংগ্ৰেছী বিধায়কগৰাকীয়ে। মিঞাসকলক বাদ দি অসমীয়া জাতি পূৰ্ণাংগ হ’ব নোৱাৰে। মিঞাসকলক বাদ দিলে অসমীয়া ভাষাৰ প্ৰতিও ভাবুকি আহিব। গতিকে শংকৰদেব কলাক্ষেত্ৰত মিঞাসকলৰ লগতে আন আন জাতি-জনগোষ্ঠীৰো ভাষা সংস্কৃতিৰ দাবী তুলিলে বিধায়কগৰাকীয়ে।

মিঞাসকলক বাদ দিলে অসমীয়া জাতিৰ অস্তিত্ব নাথাকিব। গতিকে মিঞাই নহয় অসমৰ আন আন জনগোষ্ঠীসমূহৰো মিউজিয়াম হ’ব লাগে বুলি মন্তব্য কৰে বিধায়ক ৰছিদ আলমৰ।

GTM Desk

Related