বলীউডৰ অভিনেত্ৰী আলিয়া ভাটে বলীউডৰ পৰা সফলতাৰ ডেউকা মেলি হলীউড জগতলৈ যাবলৈ সক্ষম হৈছে। যেতিয়া আলিয়াৰ অনুৰাগীসকলে খবৰ পালে যে, নৱ বিবাহিত কাপুৰ পৰিয়ালৰ বোৱাৰীজনীয়ে হলীউডৰ এটা প্ৰকল্প পাইছে, তেওঁলোকৰ সুখৰ ঠিকনা নোহোৱা হ’ল। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে নিজেই নিশ্চিত কৰিছে যে তেওঁ হলীউডে আগবঢ়োৱা এটি প্ৰকল্পৰ বাবে ৰাওনা হৈছে।
আলিয়া ভাটে অলপতে তেওঁৰ সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰিছে। য’ত তেওঁ এখন চেলফি শ্বেয়াৰ কৰিছে। এই ফটোখন শ্বেয়াৰ কৰোঁতে, অভিনেত্ৰীগৰাকীয়ে লিখিছে যে, “মই মোৰ প্ৰথম খন হলীউডৰ ছবিৰ দৃশ্যগ্ৰহণ কৰিবলৈ গৈ আছো।
মই অনুভৱ কৰোঁ যে মই পুনৰ এজন নৱাগত হৈ পৰিছোঁ। মই বহুত বিচলিত হৈ পৰিছোঁ।” আলিয়াৰ এই প’ষ্টটোত, অনুৰাগী সকলে মন্তব্য কৰি তেওঁক অভিনন্দন জনাইছে।
আলিয়া ভাট বৰ্তমান সময়ত বহুতো বিষয়ৰ বাবে শিৰোনামত আছে। যোৱা মাহত, অভিনেত্ৰীগৰাকীয়ে বলীউডৰ সুন্দৰ অভিনেতা ৰণবীৰ কাপুৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছে। অভিনেত্ৰীগৰাকীয়ে বিয়াৰ কেইদিনমানৰ পিছতহে কাম কৰা আৰম্ভ কৰিছে।
তেওঁ ৰকি আৰু ৰাণীৰ প্ৰেমকাহিনীৰ দৃশ্যগ্ৰহণ কৰিছে আৰু এতিয়া তেওঁ হলিউডৰ প্ৰথম ছবিৰ বাবে বিদেশলৈ গৈছে। আনহাতে, ৰণবীৰ কাপুৰেও তেওঁৰ ছবি ‘এনিমেল’ৰ শ্বুটিংত ব্যস্ত হৈ আছে।