কেইবাটাও দাবীৰে সদৌ অসম উন্নয়ন প্ৰাধিকৰণ কৰ্মচাৰী ঐক্য মঞ্চৰ সংবাদমেল
উন্নয়ন প্ৰাধিকৰণৰ কৰ্মচাৰীসকলৰ চাকৰিৰ প্ৰাদেশিকীকৰণকে ধৰি চাকৰিৰ নিৰাপত্তা, অনিশ্চিত দৰমহা , অৱসৰৰ পাছত আৰু কৰ্মৰত অৱস্থাত মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়ালক পেঞ্চন , গ্ৰেছুইটি আৰু ভৱিষ্যতনিধি আদিকে ধৰি প্ৰধান সমস্যাসমূহ অতি শীঘ্ৰে সমাধান কৰাৰ দাবীত সদৌ অসম উন্নয়ন প্ৰাধিকৰণ কৰ্মচাৰী ঐক্য মঞ্চৰ সংবাদমেল সম্বোধন ৷ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমোল আয়োজন কৰি বিভিন্ন দাবী উত্থাপন কৰে মঞ্চৰ একাংশ সদস্যই ৷
এই সংগৃহীত ধনৰ পৰাই প্ৰাধিকৰণৰ বিষয়া কৰ্মচাৰীৰ দৰমহাকে ধৰি কাৰ্যালয় পৰিচালনাৰ আনুসংগিক ব্যয় বহন কৰি আহিছে ৷ কিন্তু অসম চৰকাৰে 2012 চনত অসম পৌৰ আইন 1956 আৰু নগৰ আৰু গাঁও পৰিকল্পনা আইন 1959 ৰ সংশোধন কৰাৰ পাছত উন্নয়ন প্ৰাধিকৰণ বিলাকৰ আয়ৰ উৎস একেবাৰে কমি যায় ৷
ফলত অসমৰ প্ৰাধিকৰণ সমূহত কৰ্মৰত প্ৰায় 300 জন শ্ৰমিক কৰ্মচাৰীয়ে বৃহৎ আৰ্থিক সংকটৰ সন্মুখীন হৈছে আৰু চাকৰিৰ চৰম নিৰাপত্তাহীনতাত ভুগিছে ৷ বৰ্তমান কৰ্মৰত কৰ্মচাৰীসকলে মাহৰ পাছত মাহ ধৰি তেওঁলোকৰ নাৰ্য দৰমহাৰ পৰা বঞ্চিত হ’ব লগা হৈছে ৷
লক্ষীমপুৰ 72 মাহ, দেৰগাঁও 42 মাহ , ডিব্ৰুগড় 40 মাহ, সোনাৰি 47 মাহ, গোৱালপাৰা 42 মাহ, কৰিমগঞ্জ 28 মাহ, ধুবুৰী 24 মাহ, জাগীৰোড 41 মাহ , শিলচৰ 2 মাহ, বৰপেটা 45 মাহ , নগাঁও 4 মাহ , নাজিৰা 46 মাহ, শিৱসাগৰ 25 মাহ, গোলাঘাট 19 মাহ আৰু ধেমাজিত 7 মাহ পৰ্যন্ত দৰমহাৰ পৰা বঞ্চিত হৈ আছে কৰ্মচাৰী সকল ৷
এনে পৰিস্থিতিত চৰকাৰী অনুদানো বিগত পাঁচটা বিত্তীয় বৰ্ষত প্ৰদান নকৰাত কৰ্মচাৰীসকলৰ পানীত হাঁহ নচৰা পৰিস্থিতি হৈছে ৷ প্ৰাধিকৰণৰ কৰ্মচাৰীৰ চাকৰি চৰকাৰীকৰণ কৰি চৰকাৰৰ তৰফৰ পৰা দৰমহা প্ৰদান কৰা, বহুদিনৰ পৰা চৰকাৰৰ ওচৰত দাখিল কৰা কৰ্মচাৰীৰ চাকৰিৰ সেৱাবিধি প্ৰকাশ কৰা আদিকে ধৰি বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ বিগত চৰকাৰ সমূহৰ লগতে বৰ্তমানৰ চৰকাৰখনৰ বিভাগীয় মন্ত্ৰী আৰু আমোলাক বহুবাৰ সাক্ষাৎ কৰি প্ৰদান কৰি আহিছে ৷
কিন্তু চৰকাৰৰ বিভাগৰ পৰা কোনো ফলপ্ৰসূ ব্যৱস্থা লোৱা হোৱা নাই বুলি মন্তব্য কৰে বাণীকান্ত বৰুৱাই ৷ “আমাৰ সমস্যা সমূহ শীঘ্ৰে সমাধান নকৰিলে অনাগত দিনত প্ৰাধিকৰণ কৰ্মচাৰী ঐক্য মঞ্চই যিকোনো ধৰণৰ আইনসংগত আৰু গণতান্ত্ৰিক আন্দোলনৰ পথ গ্ৰহণ কৰিবলৈ বাধ্য হ’ব ৷ ইয়াৰ ফলত উদ্ভৱ হ’ব পৰা যিকোনো পৰিস্থিতিৰ বাবে প্ৰাধিকৰণৰ পৰিচালনা কৰ্তৃপক্ষ আৰু চৰকাৰেই দায়িত্ব গ্ৰহণ কৰিব লাগিব’’ বুলি সংবাদমেলত মন্তব্য কৰে বাণীকান্ত বৰুৱাই ৷