গোসাইগাওঁত মুছলমানপাৰা আমছুৰ সাখা সমিতি গঠন

1 min read

Gossaigaon,Dec 28-গোসাঁইগাঁও জিলা সমিতি (আমছু)ৰ নিৰ্দেশমৰ্মে ভাওৰাগুৰী আঞ্চলিক সমিতিৰ উদ্যোগত ৭২৩ নং মোৱামাৰী নিম্ন প্ৰাথামিক বিদ্যালয়ৰ প্ৰাঙ্গনত আমছুৰ ২ নং দক্ষিন মুছলমানৰ পুৰণা শাখা সমিতিখন ভঙ্গ কৰি নতুনকৈ গঠন কৰা হয়।

আমছুৰ ভাওঁৰাগুৰী আঞ্চলিক সমিতি সভাপতি জাকিৰ হোসেন আকন্দৰ নেতৃত্বত পৰিচালিত সভাখনত জিলা আমছু তথা গোসাঁইগাঁও আঞ্চলিক ইউনিয়নৰ ভালেসংখ্যক আমছু কৰ্মীৰ উপস্থিতিত অঞ্চলটোৰ সূদক্ষসম্পন্ন যুৱকক অন্তৰ্ভুক্ত কৰি মুঠ ৩১ জনীয়া এখন শক্তিশালী শাখা গঠন কৰা হয়।আৰু উক্ত শাখাখনৰ সভাপতি হিচাপে ম:শুকুৰ আলী আকন্দ আৰু সম্পাদক হিচাপে আৰিফুজ জামান মণ্ডলক দায়িত্ব অৰ্পণ কৰা হয়।

সভাখনত উপস্থিত থাকে ওচৰ চুবুৰীয়া কেইবাখনো গাঁওৰ মূৰ্ব্বীয়ান সমাজৰ উপৰিও পশ্চিম কোকৰাঝাৰ জিলা সমিতি আমছুৰ কাৰ্য্যকৰী সভাপতি আৰু সম্পাদক ক্ৰমে মোস্তাফিজুৰ ৰহমান,আৰু মোস্তাফিজুৰ ৰহমান,জিলা সমিতি আমছুৰ সহ সম্পাদক আমিনুৰ জামান ,ভাওঁৰাগুৰী আঞ্চলিক সমিতি আমছুৰ সভাপতি জাকিৰ হোসেন আকন্দৰ লগতে বিপুল সংখ্যক আমছুপ্ৰেমী ৰাইজ |

You May Also Like

More From Author