লোকসভাত ৩০০ তকৈ অধিক আসন লাভ কৰি পুনৰ ক্ষমতালৈ আহিব বিজেপিঃ অমিত শ্বাহ

লোকসভাত ৩০০ তকৈ অধিক আসন লাভ কৰি পুনৰ ক্ষমতালৈ আহিব বিজেপিঃ অমিত শ্বাহ

মঙলবাৰে ডিব্রুগড়ত উপস্থিত হয় কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ।মানকটাত বিশাল জনসভাত অংশগ্রহণ কৰে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে। এই অনুষ্ঠানত শ্বাহৰ লগতে উপস্থিত থাকে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে আন নেতা মন্ত্ৰীও।

বিজেপিৰ নতুন কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰি অমিত শ্বাহে কংগ্ৰেছক উদ্দেশ্য কৰি কটাক্ষমূলক মন্তব্য কৰে শ্বাহে। তেওঁ কয় যে, উত্তৰ-পূবত এসময়ত কংগ্ৰেছৰ দুৰ্গ আছিল, কিন্তু ৰাহুল গান্ধীৰ ভ্ৰমণৰ পাছতো শেহতীয়া নিৰ্বাচনত কংগ্ৰেছে ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে।

অসমৰ ৭০ শতাংশ ঠাইৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন আঁতৰ কৰা হৈছে। আন ৰাজ্যৰ সৈতে সীমা বিবাদ সমাধান কৰা হৈছে। ৰাহুল গান্ধীয়ে বিদেশত ভাৰতক অপমান কৰিছিল, যদি তেওঁ এনে কাম কৰি থাকে তেন্তে কংগ্ৰেছ কেৱল উত্তৰ-পূবৰ নহয়, সমগ্ৰ দেশৰ পৰা নাইকীয়া হৈ যাব।

শ্বাহে কয় যে,বিৰোধীয়ে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে যিমানে বেয়া কথা কয় সিমানেই বিজেপি আগবাঢ়িব। অসমৰ ১৪ খন লোকসভা আসনৰ ১২ খন আৰু সমগ্ৰ দেশত ৩০০ তকৈ অধিক আসন লাভ কৰি বিজেপি আকৌ শাসনলৈ আহিব।

কেইমাহমান পূৰ্বে মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। ইয়াৰে মেঘালয় আৰু নাগালেণ্ডত মিত্ৰতা স্থাপন কৰি আৰু ত্ৰিপুৰাত এককভাৱে জয় লাভ কৰি ক্ষমতালৈ আহে।

GTM Desk

Related