30.2 C
Assam
Friday, June 9, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

ডিব্ৰুগড়ৰ জে’লত অমৃতপাল, খালিস্তানীৰ হুমকি

Assamese Newsডিব্ৰুগড়ৰ জে’লত অমৃতপাল, খালিস্তানীৰ হুমকি

ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত পঞ্জাৱ আৰক্ষীয়ে বন্দী কৰি ৰখাকলৈ এইবাৰ হুংকাৰ দিছে খালিস্তানী বিদ্ৰোহীয়ে৷ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত অমৃতপাল সিঙক বন্দী কৰি ৰাখিলেও কাৰাগাৰৰ চৌহদতে ‘খালিস্তান জিন্দাবাদ’ শ্ল’গান দিয়াৰ ভাবুকি প্ৰদান কৰিছে শিখ ফৰ জাষ্টিচৰ নেতা গুৰপতৱান্ত সিং পান্নুৱে৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা অডিঅ’ বাৰ্তাত বিদেশত আশ্ৰয় লোৱা খালিস্তানী বিচ্ছিন্নতাবাদী নেতাজনে ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙক ডিব্ৰুগড়ত বন্দী কৰি ৰখাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জবাবদিহি হ’ব বুলিও সকীয়াই দিছে৷ অডিঅ’ বাৰ্তাটোত লগতে খালিস্তানী আন্দোলনক কেন্দ্ৰীয় চৰকাৰে বাধা দিয়া বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দি পান্নুৱে কয়–‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপুনি খালিস্তানৰ শত্ৰুৰ সৈতে হাত মিলাইছে৷ ইয়াৰ বাবে অদূৰ ভৱিষ্যতে আপুনি জবাবদিহি হ’ব৷ ডিব্ৰুগড় কাৰাগাৰত থকা শিখসকলে কাৰাগাৰৰ চৌহদৰ ভিতৰতে ‘খালিস্তান জিন্দাবাদ’ শ্ল’গান উঠাব লাগিব৷ খালিস্তানৰ সংগ্ৰামক আন্তৰ্জাতিক পৰ্যায়লৈ নিব লাগিব৷ মুখ্যমন্ত্ৰী শৰ্মা, খালিস্তান সমৰ্থক শিখসকলৰ ওপৰত চলোৱা অত্যাচাৰৰ বাবে আপোনাৰ গুৰু পি এম নৰেন্দ্ৰ মোদীক ২৩ মে’ত অষ্ট্ৰেলিয়াৰ ছিডনীত জবাবদিহি কৰা হ’ব৷ শিখসকলে কেতিয়াও শত্ৰুক পাহৰি নাযায় আৰু ক্ষমা নকৰে৷ আমি পঞ্জাৱক ভাৰতৰ পৰা মুক্ত কৰিহে এৰিম৷’ লক্ষণীয়ভাৱে খালিস্তানী বিদ্ৰোহী নেতাজনৰ এই ভাবুকিৰ পাছতেই ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত তিনিতৰপীয়া নিৰাপত্তা ব্যৱস্থাক অধিক কটকটীয়া কৰি তোলা হৈছে৷ ইতিমধ্যে অমৃতপাল সিঙে কাৰাগাৰৰ এটা বিশেষ চেলত দুটা দিন পাৰ কৰিছে৷ সোমবাৰৰে পৰা ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপালক মৰাথন জেৰা অব্যাহত ৰাখিছে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ লগতে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই৷ নতুন দিল্লীৰ পৰা অহা আই বি আৰু নিয়াৰ শীৰ্ষ বিষয়াৰ এটা দলে অমৃতপালক পৃথকে পৃথকে জেৰা কৰি পাকিস্তানৰ আই এছ আইৰ সৈতে সম্পৰ্কৰ বিভিন্ন প্ৰশ্ন সোধা বুলিও জানিব পৰা গৈছে৷ ইফালে অমৃতপাল সিঙক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত অতি কমেও এবছৰলৈ বন্দী কৰি ৰখাৰ ইংগিত দিছে পঞ্জাৱ আৰক্ষীয়ে৷ বিভিন্ন সংস্থাৰ পৰা পোৱা তথ্য-প্ৰমাণৰ ভিত্তিত প্ৰস্তুত কৰা ড’ছিয়াৰত অমৃতপালে ভাৰতৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি কোৱা হৈছে৷ অমৃতপালে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ পৰা প্ৰশিক্ষণ লৈ তেওঁলোকৰ লগতে বহিঃৰাজ্যত খালিস্তানী সমৰ্থকসকলৰ বাবে কাম কৰিছিল বুলি ধাৰণা কৰিছে৷ অভিযোগ অনুসৰি তেওঁ যুৱক-যুৱতীসকলক ‘খদকুছ’ [মানৱ বোমা] বনাবলৈ উচটনি দিছিল৷ কেৱল এয়াই নহয় অমৃতপালে ‘আনন্দপুৰ খালছা ফ্ৰণ্ট’ [AKF] নামৰ ব্যক্তিগত সেনাবাহিনীও গঠন কৰিছিল৷ এই পৰ্যন্ত তদন্তত আৰক্ষীয়ে অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ, ইউনিফৰ্ম আৰু জেকেট উদ্ধাৰ কৰিছে৷ জব্দ কৰা সকলো সামগ্ৰীতে AKF লিখা আছে৷ তদন্তকাৰী বিষয়াৰ সূত্ৰই জনোৱা মতে, ৱাৰিছ পঞ্জাব দে’ৰ দ্বাৰা পৰিচালিত নিচামুক্ত কেন্দ্ৰ আৰু গুৰদ্বাৰত অবৈধভাৱে অস্ত্ৰ-শস্ত্ৰ মজুত কৰা হৈছিল৷ নিচামুক্ত কেন্দ্ৰলৈ অহা যুৱক-যুৱতীসকলক প্ৰলোভিত কৰি বন্দুক সংস্কৃতিৰ দিশে ঠেলি দিছিল৷ এই যুৱকসকলক সন্ত্ৰাসবাদী দিলাৱাৰ সিঙৰ পথ বাছি ল’বলৈ উচটনিও দিছিল৷ ১৯৯৫ চনত পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ হত্যাকাণ্ডৰ বাবে দায়ী আত্মঘাতী বোমাৰু আছিল দিলাৱাৰ সিং৷ পঞ্জাৱ আৰক্ষীৰ অভিযোগ অনুসৰি অমৃতপালে দ্বাদশ মান সম্পূৰ্ণ কৰি ডুবাইলৈ গৈছিল৷ তাত তেওঁ প্ৰথমে এখন ট্ৰাক চলাইছিল আৰু তাতেই খালিস্তানী মতাদৰ্শৰ সমৰ্থকসকলৰ সংস্পৰ্শলৈ আহিছিল৷ প্ৰায় ৯ বছৰ ভাৰতৰ বাহিৰত আছিল অমৃতপাল৷ চোৰাংচোৱা সূত্ৰই জনোৱা মতে, অমৃতপাল ডুবাইত থকাৰ সময়ত আন্তঃৰাষ্ট্ৰীয় শিখ যুৱ ফেডাৰেচনৰ মুৰব্বী তথা খালিস্তানী সমৰ্থক বিচ্ছিন্নতাবাদী লখবীৰ সিং ৰ’ডৰ ভাতৃ যশৱন্ত সিং ৰ’ডৰ সংস্পৰ্শলৈ আছিল৷ কেৱল এয়াই নহয়, ডুবাইত খালিস্তানী সমৰ্থক পৰমজিৎ সিং পম্মাৰ সৈতেও অমৃতপালৰ পৰিচয় হৈছিল৷ চোৰাংচোৱা সূত্ৰৰ মতে, অমৃতপালে ডুবাই এৰি যোৱাৰ সময়ত আই এছ আইৰ সংস্পৰ্শলৈ আহিছিল, যিয়ে তেওঁক ধৰ্মৰ নামত শিখ যুৱকক উচটনি দিবলৈ কোৱা বুলি সন্দেহ কৰা হৈছে৷ অভিযোগ অনুসৰি এই কামৰ বাবে অমৃতপালক আই এছ আইয়ে ধন যোগান ধৰিছিল৷ ভাৰতলৈ অহাৰ পূৰ্বে অমৃতপালে জৰ্জিয়াত আই এছ আইৰ দ্বাৰা প্ৰশিক্ষণ লৈ পঞ্জাৱত সন্ত্ৰাসবাদী আক্ৰমণ চলাবলৈ সাজু হৈছিল৷ চোৰাংচোৱা সূত্ৰই জনোৱা মতে, খলিস্তানী সন্ত্ৰাসবাদী জৰ্নৈল সিং ভীন্দ্ৰানৱালেৰ সৈতে মিল থকাকৈ অমৃতপালক জৰ্জিয়াত চকুৰ অস্ত্ৰোপচাৰ কৰা হৈছিল৷ এই মুহূৰ্তত অমৃতপালৰ কাৰাগাৰৰ পৰা ওলাই অহাৰ কোনো আশা নাই৷ এন এছ এৰ অধীনত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে৷ আৰক্ষীয়ে এন এছ এৰ অধীনত কমেও তিনিমাহৰ বাবে অমৃতপালক জিম্মাত ৰাখিব পাৰে৷ ইয়াৰ পাছত এবছৰলৈ ম্যাদ বৃদ্ধি কৰিব পাৰি৷ অমৃতপালক ৭খন এফআইআৰত অভিযুক্ত কৰা হৈছে৷

ডিব্ৰুগড়ৰ কাৰাগাৰতে জেৰা অমৃতপালক:

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদকঃ ‘ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী তথা খালিস্তানপন্থী নেতা অমৃতপাল সিং এতিয়া ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অতিথি৷ ২৩ এপ্ৰিলৰ পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত কটকটীয়া নিৰাপত্তা বেষ্টনিৰ মাজেৰে বন্দী হৈ আছে দ্বিতীয় ভিদ্ৰানৱালে হিচাপে পৰিচিত অমৃতপাল সিং৷ এতিয়া অমৃতপাল সিং আৰু তেওঁৰ সতীৰ্থসকলক লৈ অধিক নিৰাপত্তা বৃদ্ধি কৰা হৈছে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত৷ মোতায়েন কৰা হৈছে অসম আৰক্ষীৰ ব্লেক কমাণ্ডো৷ কাৰাবন্দী খালিস্তানপন্থী নেতাৰ তদাৰকৰ দায়িত্বত নিয়োজিত হৈ আছে অতিৰিক্ত ডি এম পৰ্যায়ৰ আৰক্ষী বিষয়া৷ তদুপৰি, আটাইকেইজন খালিস্তানী সমৰ্থকক ২৪ ঘণ্টাই চিচি টিভি কেমেৰাৰ নিৰীক্ষণত ৰাখিছে কাৰাগাৰ কতৃৰ্পক্ষই৷ অমৃতপাল সিঙৰ বাদে আটাইকেইজন খালিস্তানী কয়দীক দুই বা তিনিজনকৈ চেলত ৰখা বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে৷ সম্প্ৰতি কাৰাবন্দীসকলে বিচৰাধৰণে সকলো সামগ্ৰী যোগান ধৰিছে কাৰাগাৰ কতৃৰ্পক্ষই৷ ইফালে ডিব্ৰুগড়ত বাহৰ পাতিছে পঞ্জাৱ আৰক্ষীৰ শীৰ্ষ বিষয়াৰ দল৷ সোমবাৰৰ পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত অমৃতপাল সিং আৰু তেওঁৰ সতীৰ্থসকলক পঞ্জাৱ আৰক্ষীয়ে চলাইছে মাৰাথন জেৰা৷ ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা আটাইকেইজন কাৰাবন্দীক আজি চোৰাংচোৱা সংস্থা ইণ্টেলিজেন্স ব্যুৰোৰ ৬ জনীয়া দলে জেৰা চলোৱাৰ কথা সূত্ৰটোৱে প্ৰকাশ কৰিছে৷ তদুপৰি, নেশ্যনেল ইনভেষ্টিগেছন এজেন্সি চমুকৈ এন আই এৰ ৫ জনীয়া দল আহি অমৃতপাল সিঙক জেৰা চলাইছিল৷ এন আই এৰ জেৰাত লাভ কৰা হৈছে অমৃতপাল সিঙৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ বহু গুৰুত্বপূৰ্ণ তথ্য৷ আই বি আৰু এন আই এৰ জেৰাৰ পাছতে ৰিচাৰ্ছ এণ্ড এনালাইচিছ উইং চমুকৈ ‘ৰ’ই অমৃতপাল সিঙক জেৰা চলোৱাৰ সম্ভাৱনা আছে৷ যিহেতু ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙকে ধৰি আটাইকেইজন কাৰাবন্দীৰ বিৰুদ্ধে জাপি দিয়া হৈছে এন এছ এৰ দৰে আইন৷ শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক এন আই এয়ে দিয়া প্ৰতিবেদন অনুসৰি পঞ্জাৱ আৰক্ষীৰ চকুত ধূলি দিবলৈ কানাডাৰ নম্বৰেৰে সতীৰ্থসকলৰ সৈতে যোগাযোগ চলিছিল অমৃতপাল সিং৷ হাৰিয়ানাত অমৃতপাল সিঙক এটা মোবাইল ফোন আৰু ডংগল দিছিল এজন লোকে৷ আন্তঃৰাষ্ট্ৰীয় মোবাইল নম্বৰৰ পৰাই অমৃতপালে সন্ত্ৰাসবাদী সংগঠনসমূহৰে যোগাযোগ কৰা বুলি অমৃতপালক চোৰাংচোৱা সংস্থাসমূহে চলোৱা জেৰাত প্ৰকাশ পাইছে৷ বিশেষকৈ পাকিস্তানৰ চোৰাং সংস্থা আই এছ আইৰ সৈতে সম্পৰ্ক থকাৰ কথাও তথ্য লাভ কৰিছে এন আই এ৷ য’ত অমৃতপালৰ ৱাৰিছ পঞ্জাৱ দে’ক পুঁজিৰ যোগান ধৰিছিল আন্তঃৰাষ্ট্ৰীয় চোৰাংচোৱা সংস্থাসমূহে৷ এনেবোৰ দেশবিৰোধী কাৰ্যকলাপৰ বাবেই অমৃতপাল আৰু তেওঁৰ সতীৰ্থসকলৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা বুলি গৃহ মন্ত্ৰণালয়ক এন আই এ দাখিল প্ৰতিবেদনত প্ৰকাশ কৰিছে৷ সেইদৰে, ১৮ মাৰ্চৰ পৰা পলাতক হৈ থকা অমৃতপাল সিঙে দেশৰ চাৰিখন ৰাজ্যত আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰিছে পঞ্জাৱ আৰক্ষীয়ে৷ অমৃতপালক পঞ্জাৱ আৰক্ষীয়ে চলোৱা মাৰাথন জেৰাত দুধৰ্ষ বিদ্ৰোহী নেতাজনে পঞ্জাৱৰ উপৰি হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু দিল্লীত আত্মগোপন কৰিছিল৷ এই সময়ছোৱাত বহু খালিস্তানী সমৰ্থকে সহযোগিতা আগবঢ়াইছিল অমৃতপাল সিঙক৷ ৩৬দিন ধৰি আত্মগোপন কৰি থকা স্থানসমূহতো পঞ্জাৱ আৰক্ষী, আই বি আৰু এন আইয়ে পৃথকে পৃথকে চলাব অভিযান৷ কাৰণ গ্ৰেপ্তাৰৰ সময়ত অমৃতপাল সিঙৰ পৰা আৰক্ষীয়ে লাভ কৰা নাছিল মোবাইল ফোন, ধন বা কোনোধৰণৰ সামগ্ৰী৷ ফলত অধিক তথ্যৰ বাবে তদন্তকাৰী সংস্থাসমূহৰ অভিযান তুংগত উঠিছে৷ মন কৰিবলগীয়া যে, ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা অমৃতপাল সিঙসহ ১০ খালিস্তানী সমৰ্থকৰ নিৰাপত্তা ব্যৱস্থা বুজ ল’বলৈ উপস্থিত হয় বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান এছ এন সিং৷ বিশেষকৈ যিকোনো মুহূৰ্তত সৃষ্টি হ’ব পৰা অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে ডিব্ৰুগড় আৰক্ষী আৰু নিৰাপত্তাসকল সষ্টম হয় নে নহয় তাৰো বুজ লয় শীৰ্ষ আৰক্ষী বিষয়াজনে৷ সূত্ৰটোৱে প্ৰকাশ কৰা মতে, বৃহস্পতিবাৰে কাৰাবন্দী খালিস্তানী সমৰ্থকৰ আত্মীয়ই সাক্ষাৎ কৰিবলৈ ভিৰ লগাব পাৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ৷ এই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবেও কেনেধৰণে নিৰাপত্তাৰক্ষীসকল প্ৰস্তুত হৈ আছে সেই সংক্ৰান্ততো বুজ লোৱা হয় শীৰ্ষ আৰক্ষী বিষয়াজন৷ উল্লেখ্য যে, ১৯ মাৰ্চত প্ৰথম পৰ্যায়ত অমৃতপাল সিঙৰ চাৰি সমৰ্থকক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হৈছিল৷ সেইসকলৰ ভিতৰত আছিল দলজিৎ সিং কালচি, বচন্ত সিং, গুৰমিত সিং ভূষণৱালা আৰু ভগৱন্ত সিং আদি৷ সেইদৰে, ২১ মাৰ্চত দ্বিতীয় পৰ্যায়ত পুনৰ পুৱা ৭ বজাত ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙৰ খুড়াক হৰিজিত সিঙক অনাৰ পাছত দিনৰ ভাগত দুই ঘনিষ্ঠ কুলৱাণ্ট সিং ধালিয়াল আৰু গুৰিন্দাৰ পাল সিঙক কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!