ক’ভিডত আক্ৰান্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ

1 min read

দুৰ্নীতি, অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰখা নগাঁৱৰ জনপ্ৰিয় আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ আক্ৰান্ত হ’ল ক’ভিড ১৯ ত ৷ নৱবৰ্ষৰ ৩ৰ পৰা ৫ জানুৱাৰী পৰ্যন্ত দুলিয়াজানত অনুষ্ঠিত হোৱা আৰক্ষী অধীক্ষক সন্মিলনত অংশগ্ৰহণ কৰি ৰাজ্যৰ কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষক আক্ৰান্ত হৈছিল ক’ভিড ১৯ ত। কিন্তু নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ ক’ভিড পৰীক্ষাৰ ফলাফল নিগেটিভ হোৱাত পূৰ্বৰ দৰেই অপৰাধীৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছিল আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ।

শুকুৰবাৰে কৰা ক’ভিড-১৯ ৰ ফলাফলত আৰক্ষী বিষয়াজনৰ দেহত ধৰা পৰে ক’ভিড-১৯ৰ অৱস্থিতি । উল্লেখযোগ্য যে, নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰিয়েই ড্ৰাগছ, চোৰ, ডকাইত, সুদখোৰৰ বিৰুদ্ধে সবল ভূমিকা গ্ৰহণ কৰি নগাঁওবাসীৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল এই পি এছ বিষয়া আনন্দ মিশ্ৰ । কেৱল এয়াই নহয় আৰক্ষী অধীক্ষক আনন্দ মিশ্রই দুৰ্নীতিৰ বিৰুদ্ধেও অভিযান চলাই দুৰ্নীতিগ্ৰস্ত বিষয়াক গ্ৰেপ্তাৰ কৰিবলৈও সক্ষম হৈছিল ।

দুৰ্নীতিগ্ৰস্ত বিষয়াৰ লগতে অপৰাধীৰ বাবে মূৰৰ কামোৰণি হৈ পৰা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ হৈ পৰিছিল সকলোৰে প্ৰশংসাৰ পত্ৰ। ইপিনে ক’ভিড ১৯ ত আক্ৰান্ত হৈছিল নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাও । অৱশ্যে শুকুৰবাৰে ক’ভিডমুক্ত হৈছে অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা । আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ক’ভিড ১৯ ত আক্ৰান্ত হোৱাক লৈ চিন্তিত হৈ পৰিছে নগাঁৱৰ সচেতন মহল । আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ লগতে নিৰাপত্তা শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকাৰো আশু আৰোগ্য কামনা কৰিছে নগাঁওবাসীয়ে ।

You May Also Like

More From Author