fbpx

ধনৰ বিনিময়ত চাকৰিঃ মৰিগাঁওৰ আৰক্ষী অধীক্ষক ড০ নন্দ সিং বৰকলাৰ  তৎপৰতাত গ্ৰেপ্তাৰ হ’ল দালাল দেৱজিৎ লস্কৰ

গুৱাহাটী: যি সময়ত ৰাজ্যৰ লাখ লাখ নিবনুৱাই আৰক্ষীৰ চাকৰিত সোমাবলৈ অশেষ শাৰীৰিক মানসিক কষ্ট কৰিছে সেই সময়তে একাংশ দালালৰ বাবে বাৰে বাৰে বিঘ্নিত হৈছে নিযুক্তি প্ৰক্ৰিয়া। মৰিগাঁও ত আজিৰে পৰা অনুষ্ঠিত হৈছে অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়া। পৰীক্ষা আৰম্ভ হোৱাৰ প্ৰথম দিনাই মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ড০ নন্দ সিং বৰকলাৰ তৎপৰতাত চাকৰি দিয়াৰ প্ৰলোভন দি ধন সংগ্ৰহ কৰা এটা দালাল গ্ৰেপ্তাৰ হৈছে। নগাওঁ জিলাৰ দক্ষিণপাত অঞ্চলৰ দেৱজিৎ লষ্কৰ নামৰ ব্যক্তিজনে আজি কিছুদিনৰ পৰা আৰক্ষীৰ কনিষ্টবল পদত নিযুক্তিৰ নামত মৰিগাঁও ৰ আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাৰ নামত বিভিন্ন চাকৰি প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰাৰ খবৰ লাভ কৰাৰ পিছত আজি আৰক্ষী অধীক্ষক গৰাকীৰ অভিযানত গ্ৰেপ্তাৰ হৈ দালালতো। মৰিগাঁও আৰক্ষী অধীক্ষক গৰাকীয়ে কৈ যে উক্ত ব্যক্তিজনে এগৰাকী মহিলাৰ পৰা ইতিমধ্যে ৪লাখ টকাত বন্দোবস্তি কৰি ৫০ হাজাৰ টকা সংগ্ৰহ কৰিছিল।কিন্তু ঘটনাৰ সবিশেষ জানিব পাৰি আৰক্ষীয়ে অভিযান চলাই নগাওঁ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে ব্যক্তিজনক। ধৃত ব্যক্তিজনে বিভিন্ন চাকৰি প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। আনহাতে আৰক্ষী কনিষ্টবল পদৰ বাবে কোনোৱে ধন সংগ্ৰহ কৰাৰ খবৰ লাভ কৰিলে মৰিগাঁও আৰক্ষীক জনাবলৈ আহ্বান জনাইছে।

error: Content is protected !!
%d bloggers like this: