দুলীয়াজানত লুন্ঠনৰ বলি হ’ল লখিমপুৰৰ যুৱক। লখিমপুৰৰ নাওবৈচাৰ তৰুণ গোস্বামী নামৰ যুৱকজনে দুলীয়াজানত বেচৰকাৰী ভাবে বিদ্যুতৰ কাম কৰিছিল৷ প্ৰায় ১৭ বছৰ কাম কৰি থকা তৰুণ গোস্বামীক উজ্বল শইকীয়া, মুকুল বৰুৱা, ৰছিদ আহমেদ নামৰ ব্যক্তি কেইজনে ’অইল’ত তেওঁক স্থায়ী চাকৰি দিয়াৰ প্ৰলোভন দি টকা বিচাৰে। তৰুণ গোস্বামীয়েও এই প্ৰৱঞ্চক চক্রৰ জালত ভৰি দি ২০১৬ চনৰ পৰা তিনি বছৰৰ ভিতৰত মাটি বাৰী বন্ধক দি, সোণৰ গহনা পৰ্যন্ত বেছি ১৮ লাখ টকা আদায় দিয়ে।
স্থায়ী চাকৰিৰ আশাত সকলো বিক্ৰী কৰি কোঙা হৈ পৰে যুৱক জন। কিন্তু চাকৰিৰ নাম গোন্ধেই নোলাল।উপায়ন্তৰ হৈ তেওঁ টকা ঘুৰাই বিচাৰে যদিও বিনিময়ত চক্ৰটোৰ পৰা প্ৰাণৰ ভাবুকি হে লাভ কৰে। উপায়ন্তৰ হোৱা যুৱকজনে আজি লখিমপুৰ প্ৰেছ ক্লাবত এখন সংবাদ মেলৰ আয়োজন কৰি সমগ্র ঘটনাৰ ন্যায় বিচাৰে। নিজৰ দোষ অকপটে স্বীকাৰ কৰি তেওঁ আৰক্ষী বিভাগৰ লগতে চৰকাৰলৈকো এই ঘটনাৰ ন্যায় বিচৰাৰ লগতে দোষী কেইজনক শাস্তি দিবৰ বাবে আহ্বান জনায়।