ভেটাপাৰা: বিগত সাত বছৰ ধৰি এগৰাকী ১৭ বছৰীয়া কিশোৰীক যৌন নির্যাতন

ভেটাপাৰা: বিগত সাত বছৰ ধৰি এগৰাকী ১৭ বছৰীয়া কিশোৰীক যৌন নির্যাতন

ভেটাপাৰাত ভাৰাতীয়া হিচাপে থকা লিটন সাহা নামৰ লোকজনে এগৰাকী ১৭ বছৰীয়া কিশোৰীক যৌন নির্যাতন চলোৱাৰ অভিযোগত কালি পাণবজাৰ মহিলা থানাৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, কোচবিহাৰৰ লিটনে ভেটাপাৰাত ভাৰাতীয়া হিচাপে থাকি ৰাজমিস্ত্রীৰ কাম কৰিছিল৷ ধৃত লিটনে বিগত সাত বছৰ ধৰি কিশোৰীগৰাকীক যৌন নির্যাতন চলাই আহিছিল৷

কিছুদিন পূর্বে ভাৰাঘৰৰ মালিকে লিটনৰ কু–কার্য ধৰা পেলায়৷ ইয়াৰ পিছতে ভাৰাঘৰৰ মালিকে পাণবজাৰ মহিলা থানাত এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ২৭৬/২(এন)/৩৭৬ (এ বি) আৰু পকছ’ এক্টৰ ৪৬ ধাৰাৰ অধীনত ১৯৬/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি লম্পট লিটনক গ্রেপ্তাৰ কৰি আজি জে’ললৈ প্রেৰণ কৰে৷

GTM Desk