টেঙাপুখুৰীৰ যুৱক পল্লৱ গগৈয়ে লাভ কৰিছে দুটাকৈ চৰকাৰী চাকৰিৰ নিয়োগ পত্ৰ !

0 min read

এটা সময়ত অৰ্থবান জনহে চৰকাৰী চাকৰি এটা লাভ কৰিবলৈ সক্ষম হয়, চাকৰিৰ বাছনি পৰীক্ষা সমূহত স্বচ্ছতা ৰক্ষা কৰা নহয় বুলি অধিকাংশ জনতাৰ মাজত চৰ্চা চলি অহা বিষয়বোৰক নস্যাৎ কৰি কালি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোগ্য, সক্ষম আৰু মেধাৱী বাছনি পৰীক্ষাত উত্তীৰ্ণ চাকৰি প্ৰাৰ্থী সকলক আনুষ্ঠানিকভাৱে চাকৰিৰ নিযুক্তি পত্ৰ প্ৰদান কৰাৰ পাছত ৰাজ্যত ড° হিমন্ত বিশ্ব শৰ্মাই নিযুক্তিৰ এক নতুন ধাৰা সৃষ্টি কৰিলে বুলি বিভিন্ন মহলত চৰ্চা চলাৰ সমান্তৰাল ভাৱে নিযুক্তিৰ এই বিষয়টোত উৎফুল্লিত হৈ পৰিছে ৰাজ্যৰ বহু যুৱক যুৱতী।

কালি ৰাজ্য জুৰি বহু পৰিয়ালত চাকৰিৰ নিযুক্তিৰ বিষয়টোৱে আনন্দৰ ঢল বোৱাই নিয়া সময়তে প্ৰাপ্তিৰ পাছতো আনন্দ ভগাই লব নোৱাৰা এগৰাকী যুৱকৰ ঘৰত বিৰাজ কৰিছে এক পৃথক পৰিবেশ। চৰাইদেউ জিলাৰ টেঙাপুখুৰী অঞ্চলৰ এগৰাকী মেধাৱী যুৱক পল্লৱ গগৈ। কুকুৰাচোৱা গাঁৱৰ এইগৰাকী মেধাৱী যুৱকে একে সময়তে কালি দুটাকৈ চৰকাৰী চাকৰিৰ নিয়োগ পত্ৰ লাভ কৰিবলৈ সক্ষম হয়। চৰকাৰী চাকৰি লাভৰ এই মহঙা দিনত নিজৰ মেধাশক্তি আৰু শাৰীৰিক সক্ষমতাৰ বলত যুৱক গৰাকীয়ে দুটাকৈ চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে যদিও তেওঁ চাকৰি লাভৰ এই আনন্দ ভগাই লবলৈ ঘৰত পোৱা নাই এক পৰিবেশ।

জানিব পৰা মতে পল্লৱ গগৈ নামৰ যুৱক গৰাকীয়ে শৈশৱতে মাতৃ পুতলী গগৈক হেৰুৱাব লগীয়া হোৱাত কৃষক পিতৃ ভৱ গগৈৰ সীমিত উপাৰ্জনৰ মাজত কণমানি ভগ্নীৰে সৈতে তেওঁ ডাঙৰ দীঘল হয়। কিন্তু ২০১৪ বৰ্ষত তেওঁ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত অধ্যয়ন কৰি থকা সময়তে পিতৃ ভৱ গগৈৰ আকস্মিক বিয়োগ হয়।

পিতৃৰ অবৰ্তমানত দিশহাৰা হৈ পৰা পল্লৱে ঘৰৰ তাকৰীয়া খেতি পথাৰত কৃষি কৰ্ম কৰা, জৱকাৰ্ডত কাম কৰাৰ সমান্তৰাল ভাৱে ঘৰুৱা টিউচন কৰি নিজৰ লগতে ভগ্নীৰ শিক্ষা জীৱন চলাই যায়। এনেদৰে এদিন গড়গাঁও মহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতক আৰু পৰৱৰ্তী সময়ত জয়সাগৰস্থিত শিক্ষা প্ৰতিষ্ঠানৰ পৰা ডি এল এড ডিগ্ৰী লৈ মেধাৱী ছাত্র গৰাকীয়ে টেট পৰীক্ষাত উত্তীৰ্ণ হৈ প্ৰাথমিক বিদ্যালয়ত শিক্ষক নিযুক্তি পোৱাৰ সমান্তৰালভাৱে অসম আৰক্ষীৰ কনিষ্টবল পদবীৰ বাবে হোৱা বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈ কালি নিযুক্তি পত্ৰ লাভ কৰিবলৈ সক্ষম হয়। একে সময়তে দুটাকৈ চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হোৱা যুৱক গৰাকীয়ে অসম আৰক্ষীত যোগদান কৰিবলৈ আগ্ৰহী আছিল যদিও নৱম শ্ৰেণীত অধ্যয়নৰত ভগ্নীৰ নিৰাপদ শৈক্ষিক ভৱিষ্যতৰ লগতে ঘৰত ভনীয়েক অকলশৰীয়া হৈ থাকিব লগা হব বাবে তেওঁ চৰাইদেউ জিলাৰ মথুৰাপুৰস্থিত নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ত শিক্ষক হিচাপে চাকৰিত যোগদান কৰাটো নিশ্চিত কৰিছে।

পিতৃ মাতৃৰ স্নেহ মমতাৰ পৰা বঞ্চিত হোৱা যুৱক গৰাকীয়ে আজিৰ এই মধুৰ ক্ষণত তেওঁৰ সফলতা প্ৰাপ্তি ভগাই লবলৈ জন্ম দিয়া পিতৃ মাতৃ ইহ সংসাৰত নাই বাবে শোকাহত হৈ পৰিছে। সীমাহীন অভাৱ নেওচি নিজৰ মেধা শক্তি আৰু শাৰীৰিক সক্ষমতাৰ বাবে আজি পল্লৱ গগৈয়ে যিদৰে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে সেই পৰিবেশ সৃষ্টি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দৃঢ় স্থিতিৰ বাবেহে সম্ভৱপৰ হৈছে বুলি স্থানীয় জনতাৰ মাজত চৰ্চা চলিছে।

You May Also Like

More From Author